কীৰ্তি জলী যদি IAS হ’ব পাৰে, তেন্তে আমাৰ ল’ৰা-ছোৱালী কিয় নোৱাৰিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

নিউজ ডেস্কঃ কীৰ্তি জলী যদি আইএএছ হ’ব পাৰে, তেন্তে আমাৰ ল’ৰা-ছোৱালীয়ে কিয় নোৱাৰিব?

জালুকবাৰী সমষ্টিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত কীৰ্তি জলীৰ উদাহৰণ দি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উদ্বুব্ধ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এতিয়া অসমৰ ল’ৰা ছোৱালীয়েও আইপিএছ-আইএএছ হ’ব লগিব।

মঞ্চত উপস্থিত থকা উপায়ুক্ত কীৰ্তি জলীৰ উদাহৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কীৰ্তি জলীক ইশ্বৰে বেলেগকৈ পঠিওৱা নাই। যদি তেওঁ আইএএছ হ’ব পাৰে, তেন্তে অসমৰ ল’ৰা-ছোৱালীও আইএএছ-আইপিএছ হ’ব নোৱাৰাৰ কোনো কথা নাই।

২০ বছৰ আগতে শিক্ষাক লৈ মানুহে যি সংগ্ৰাম কৰিবলীয়া হৈছিল, সেয়া আজি লাঘৱ পাইছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণ কৰি প্ৰতিষ্ঠিত হ’বলৈ আহ্বান জনায়।