অসমঅসমীয়া

কীৰ্তিকমল চান্দা পাৰ্টিৰ মানুহঃ আনন্দ মিশ্ৰ

নিউজ ডেস্ক। নগাঁও এনকাউণ্টাৰ কাণ্ডৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে কীৰ্তিকমল বৰাক পুনৰ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টাত নামি পৰিছে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।

কীৰ্তিকমল বৰাক “চান্দা পাৰ্টিৰ মানুহ” আখ্যা দি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰত্যাহ্বান জনালে এজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদনৰ।

সংবাদ মেল সম্বোধন কৰি আনন্দ মিশ্ৰই সমগ্ৰ কাণ্ডৰ ৰাজনীতিকৰণ কৰা হোৱা বুলি অভিযোগ কৰে। আনন্দ মিশ্ৰই কয়, “অভিযুক্ত জাকিৰ হুছেইনৰ লগত কীৰ্তিকমল ঘূৰি আছিল, তেওঁৰ লগত ড্ৰাগছ পোৱা গৈছিল। তেওঁক কেনেদৰে নিৰ্দোষী হ’ব পাৰে?”

G2-4

আনহাতে নগাঁও আৰক্ষীৰ ওপৰত উঠা অভিযোগৰ আঙুলি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “মই গুলি চলোৱাৰ অনুমতি দিয়া নাছিলোঁ। কিন্তু ঘটনাস্থলীত পৰিস্থিতি সন্দৰ্ভত যি মোক জনোৱা হৈছে সেয়াই মই কৈছোঁ। মই নিজেতো তাত উপস্থিত নাছিলোঁ।”

কিন্তু অপৰাধৰ বিৰুদ্ধে ইমানবোৰ ভাল কাম কৰা আৰক্ষীক এটা ঘটনাৰ দ্বাৰা বেয়া সজাব পাৰি নেকি বুলিও প্ৰশ্ন কৰে আনন্দ মিশ্ৰই।

প্ৰতিবেদনত সাক্ষী সকলক সুৰক্ষা দিয়াৰ কথা নিৰ্দেশ সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে সাক্ষীৰ বিৰুদ্ধেও তথ্য প্ৰমাণ গতোৱাৰ হুংকাৰ দিয়ে। তেওঁ কয়, “সকলোকে চোঁচৰাই আনিম।”

3

ইফালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ অংগীকাৰ লয় আৰক্ষী অধীক্ষকগৰাকীয়ে।

আনহাতে এই ঘটনাৰ তদন্ত চিআইডিক অৰ্পণ কৰাক লৈ সমৰ্থন জনাই আনন্দ মিশ্ৰই কয় যে, যদি তদন্তত আৰক্ষীয়ে ভুল কৰা বুলি কৈছে, তেন্তে সেয়া মানি লৈছোঁ। কাৰণ কাম কৰিলেহে ভুল হয়। কাম নকৰি এচি ৰুমত বহি থাকিলে ভুল কৰাৰ সুযোগেই নাথাকে

উল্লেখ্য যে, নগাঁৱৰ এনকাউণ্টাৰ কাণ্ড যে ভুৱা আছিল সেয়া মঙ্গলবাৰে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে।

এই প্ৰতিবেদন দাখিলৰ পিছতে ৰাজ্য চৰকাৰে অভিযুক্ত এছআই প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বনৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিয়ে। ইফালে আনন্দ মিশ্ৰৰ আৰক্ষী বাহিনীৰ এন্টি নাৰকটিক্স স্কোৱাড ভঙ্গ কৰাৰ লগতে এই স্কোৱাডৰ সকলো সদস্যক অন্য জিলালৈ বদলি কৰাৰো নিৰ্দেশ দিয়া হৈছে।

আনফালে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ভুক্তভোগী কীৰ্তিকমল বৰাই প্ৰথমবাৰলৈ ব্যক্ত কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া।

নিজকে পুনৰ এবাৰ নিৰ্দোষী বুলি দাবী তদন্ত সমিতিৰ প্ৰতিবেদনেও এই কথা প্ৰমান কৰা বুলি মন্তব্য কৰে কীৰ্তিকমলে। লগতে ঘটনাৰ ক্ষীপ্ৰ তদন্ত গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰ আৰু অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক ধন্যবাদ জনায় তেওঁ।

উল্লেখ্য যে, চিকিৎসাধীন অৱস্থাতে কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰা গোচৰত আজি অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে ।

Related Articles

Leave a Reply

Back to top button