কীৰ্তিকমল গুলীচালনাৰ ঘটনাঃ মুখ্য সচিবলৈ কাৰণ দৰ্শোৱাৰ জাননী মানৱ অধিকাৰ আয়োগৰ…

নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমলৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত ৰাজ্যত বৰ্তমানেও অব্যাহত আছে প্ৰতিক্ৰিয়া।
কীৰ্তিকমল গুলীচালনাৰ ঘটনা সন্দৰ্ভত মুখ্য সচিবলৈ কাৰণ দৰ্শোৱাৰ জাননী মানৱ অধিকাৰ আয়োগৰ।
অসম মানৱাধিকাৰ আয়োগে বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্য সচিবক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।
জাননীখনত সোধা হৈছে যে, নগাঁও ঘটনাৰ গুলীবিদ্ধ কীৰ্তিকমলক ১৯৯৩ চনৰ মানৱ অধিকাৰ আইনৰ ১৮নং অনুচ্ছেদ অনুসৰি ক্ষতিপূৰণ হিচাপে ডেৰ লাখ টকা কিয় চৰকাৰৰ ফালৰ পৰা দিয়া হোৱা নাই।
উল্লেখ্য য্, মাকৰ বাবে দৰৱ আনিবলৈ যোৱাৰ সময়ত বাটত এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰি থকা দেখা পাই কীৰ্তিকমল বৰাই আৰক্ষীয়ে কিয় লোকজনক প্ৰহাৰ কৰিছে বুলি প্ৰশ্ন কৰাত ছাত্ৰ নেতাগৰাকীকো আৰক্ষীয়ে ওলোটাই প্ৰহাৰ কৰে বুলি কীৰ্তিকমল বৰাই সদৰী কৰিছিল।
আৰক্ষীৰ প্ৰহাৰৰ পৰা বাচিবৰ বাবে কীৰ্তিকমল বৰাই আৰক্ষীৰ হাতৰ পৰা লাঠিদাল কাঢ়ি আনিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁৰ ভৰিত গুলীয়াইছিল বুলি কীৰ্তিকমল বৰাই সাক্ষ্য দান কৰিছিল।
জি এম চি এইছত আজি অস্ত্ৰোপচাৰ সম্পন্ন হ’ব কীৰ্তি কমলৰ।
ক’ভিড নিগেটিভ হোৱাৰ বাবে শুকুৰবাৰে জি এম চি এইছৰ চিকিৎসক ডাঃ সমৰজ্যোতি গগৈৰ নেতৃত্বত কীৰ্তি কমলৰ অস্ত্ৰোপচাৰ সম্পন্ন হ’ব।
চিকিৎসকে প্ৰকাশ কৰা মতে অস্ত্ৰোপচাৰৰ পিছত স্বাভাৱিক অৱস্থা ঘূৰাই পাবলৈ কীৰ্তি কমলক প্ৰায় ২ মাহ সময়ৰ প্ৰয়োজন হ’ব।
কীৰ্তি কমলে নিজেই বিভিন্ন শাৰীৰিক কচৰৎৰ জৰিয়তে নিজকে অধিক সৱল কৰি তুলিব পাৰিব লাগিব।