fbpx
অসম

কীৰ্তিকমলৰ গুলীচালনাৰ ঘটনাঃ আজি গ্ৰহণ কৰা হ’ব ৰাজহুৱা শুনানি…

নগাঁৱৰ প্ৰাক্তন ছাত্ৰনেত কীৰ্তিকমলৰ গুলীচালনাৰ ঘটনাক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে প্ৰতিক্ৰিয়া।

নগাঁৱৰ উক্ত এনকাউণ্টাৰ সন্দৰ্ভত আজি গ্ৰহণ কৰা হ’ব ৰাজহুৱা শুনানি।

প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিব ঘটনাৰ তদন্তৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে।

আজি বিয়লি ২ বজাৰ পৰা ৪ বজালৈ নগাঁৱৰ আৱৰ্ত ভৱনত গ্ৰহণ কৰা হ’ব সাক্ষ্য।

ইতিমধ্যে গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰা সাক্ষ্য গ্ৰহণ কৰা হৈছে।

নগাঁৱৰ কচলুখোৱাত এণ্টি নাৰ্ক’টিক স্কোৱাডে চলোৱা অভিযানত গুলীবিদ্ধ হৈছিল কীৰ্তিকমল বৰা।

ইয়াৰ পিছতে উত্তাল হৈ পৰিছিল সমগ্ৰ নগাঁও চহৰ।

ইতিমধ্যে গুলীচালনা কৰা আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ৭ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ হ’ব লাগিব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!