fbpx
অসম

কি চিনেমাত অনুপম খেৰে অভিনয় কৰিলে কংগ্ৰেছ বিধায়কক লগত লৈ চাবলৈ যাব ভূপেন বৰাই…?

সমগ্ৰ দেশজুৰি বৰ্তমান চৰ্চিত হৈ আছে বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মিৰী ফাইল।”

ছবিখনৰ ১১ মাৰ্চত মুক্তিলাভৰ পিছতে এতিয়া দুটা ভাগত বিভক্ত হৈছে দেশৰ ৰাজনীতিও। এফালে যদি হিন্দুত্ববাদী আবেগ, আনফালে কংগ্রেছকে ধৰি বিৰোধী দলে এই ছবিখনৰ জৰিয়তে সাম্প্ৰদায়িক সংঘাতক উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

তাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰকাশ কৰিলে ছবিখনক লৈ প্ৰতিক্ৰিয়া।

অসম চৰকাৰৰ মিত্ৰদল অগপৰ কাৰ্যকালত সংঘটিত গুপ্তাহত্যাৰ প্ৰসংগ টানি আনি এইবাৰ ‘অসম গুপ্তহত্যা ফাইলছ’ নামেৰে এখন ছবি নিৰ্মাণৰ দাবী জনালে কংগ্ৰেছ নেতাগৰাকীয়ে।

কেৱল সেয়াই নহয়, এনে ধৰণৰ যদি এখন ছবিত অনুপম খেৰে অভিনয় কৰে, তেন্তে কংগ্ৰেছ বিধায়কক লগত লৈ চিনেমা হ’ললৈ চাবলৈও যাব বুলি মন্তব্য কৰে ভূপেন বৰাই।

উল্লেখ্য যে, মঙ্গলবাৰে বিজেপি আৰু মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কক লগত লৈ ‘দ্য কাশ্মিৰী ফাইলছ’ চাবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৯০ৰ দশকত কাশ্মিৰী পণ্ডিতৰ ওপৰত হোৱা নিৰ্যাতন আৰু গনহত্যাৰ ওপৰত নিৰ্মিত ছবিখন চাবলৈ চৰকাৰী চাকৰিয়ালক অৰ্ধছুটিও প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে।

এই সন্দৰ্ভত ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে যি সময়ত কাশ্মিৰী পণ্ডিতৰ ওপৰত অত্যাচাৰ চলিছিল, সেই সময়ত কেন্দ্ৰত আছিল বিজেপি সমৰ্থিত চৰকাৰ। জম্মু-কাশ্মীৰতো আছিল বিজেপি সমৰ্থিত ৰাজ্যপাল।

তেনে পৰিপ্ৰেক্ষিতত কাশ্মিৰী পণ্ডিতৰ ওপৰত চলা নিৰ্যাতনৰ বাবে প্রকৃততে কোন জগৰীয়া বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!