কিয় হঠাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হ’ল প্ৰবীণ বিজেপি নেতা ড০ সুব্ৰমণিয়ম স্বামী?

গুৱাহাটীত জেষ্ঠ অধিবক্তা তথা বিজেপি নেতা সুব্ৰমণিয়ম স্বামী।

বৃহস্পতিবাৰে হঠাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ’ল প্ৰবীণ বিজেপি নেতা ড০ সুব্ৰমণিয়াম স্বামী।

এক বিশেষ বিমানযোগে আজি পুৱাৰ ভাগত প্ৰথমে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ তেওঁ পোনে পোনে গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হয়।

জানিব পৰা মতে সুব্ৰমনিয়ামৰ বিৰুদ্ধে ২০১৫ চনতে কংগ্ৰেছ চৰকাৰৰ দিনত ৰুজু হোৱা গোচৰক কেন্দ্ৰ কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হ’বলগীয়া হয়।

২০১৫ চনতে মছজিদ সম্পৰ্কত এক বিতৰ্কিত মন্তব্য কৰিছিল স্বামীয়ে।

বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়ে এখন সভাত মছজিদ সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য দিছিল।

৪১৮৬/২০১৫ নং লেখ আবেদন খনৰ গোচৰত নিজেই হাজিৰ হব লাগিব বুলি নিয়ম থকাৰ পিছতে আজি গুৱাহাটীত উপ্থিত হয় বিজেপি নেতাগৰাকী।

গুৱাহাটীৰ এখন সভাত উপস্থিত হৈ সুব্ৰমণিয়ম স্বামীয়ে মন্তব্য কৰিছিল যে ‘মছজিদ ধৰ্মীয় পীঠস্থান নহয়, ই এটা সাধাৰণ গৃহহে৷ যিকোনো সময়ত এই ঘৰটো ভাঙিব পাৰি’।

সেইসময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আবেদনৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছিল মহানগৰ আৰক্ষীয়ে।

ভাৰতীয় দণ্ডবিধিৰ 120(B) আৰু 153(A) ধাৰাৰ অধীনত ৰুজু হৈছিল গোচৰ।

সেই গোচৰৰ শুনানীৰ পিছতে উচ্চ ন্যায়ালয়ৰ পৰা বাহিৰ ওলাই আহি নেতাগৰাকীয়ে বহু কথাৰ লগতে চীন সন্দৰ্ভতো মন্তব্য আগবঢ়ায়।

শুনানি প্ৰক্ৰিয়াৰ অন্তত স্বামীয়ে সংবাদ মাধ্যমৰ আগত কয় ‘গোচৰৰ ৰায় সংৰক্ষিত আছে। এতিয়া মোৰ কবলগীয়া এতিয়া একো নাই।‘

লগতে তেখেতে কয় যে, ভাৰতবৰ্ষ চীন সন্দৰ্ভত অতিকে নৰম হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত মাত মাতিব লাগে।

লগতে তেখেতে ইয়াকো কয় যে, চীনৰ বিৰুদ্ধে কঠোৰ হব লাগে ভাৰত। অৰুণাচলৰ পৰা খেদি পঠাব লাগে চীনক। ৰাজনাথ সিঙক সাক্ষাৎ কৰি মই কৈছো চীনৰ বিৰুদ্ধে কঠোৰ হবলৈ। লাডাখৰ পৰা চীনক উঠাই দলিয়াই পেলাব লাগে।

Leave a Comment