অসমঅসমীয়া

কিয় বদলি কৰা হ’ল আনন্দ মিশ্রক? ক’লে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক। কিয় বদলি কৰা হল নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রক? এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রক জৰুৰীকালীনভাৱে বদলিৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতে বৃহস্পতিবাৰে এক আবেগিক মুহুৰ্তৰ মাজেৰে নগাঁও এৰি গুৱাহাটীমুখী হয় আনন্দ মিশ্ৰ।

P6

ইফালে আৰক্ষী অধীক্ষকগৰাকীৰ বদলি সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে কীৰ্তিকমল বৰাৰ ঘটনাৰ লগত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ কোনো সম্পৰ্ক নাই।

তদন্ত কমিটিয়ে তেওঁৰ ওপৰত কোনো প্ৰতিবেদনো দিয়া নাই। কিন্তু তাৰ পিছতো সংবাদ মেল সম্বোধন কৰি বা আন সাংবাদিকৰ আগত তদন্ত সমিতিৰ প্ৰতিবেদনক যদি কোনোবাই হেয় কৰিব বিচাৰে তেন্তে সেয়া মানি লোৱা নহ’ব।

P7

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আৰক্ষী নিৰীহ লোকৰ লগত থাকিব লাগিব আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হব লাগিব। কিন্তু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওঁতে যদি সাধাৰণ নাগৰিকৰ ওপৰতো কঠোৰ হৈ পৰা যায়, তেন্তে আৰক্ষীৰ গোটেই উদ্দেশ্যটোৰে পৰাজয় হ’ব।

নিৰীহ লোকৰ ওপৰত কোনো ধৰণৰ আক্ৰমণাত্মক ভূমিকা গ্ৰহণ নকৰিবলৈও অসম আৰক্ষীক আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “নিৰীহ লোকে দিয়া দুটা গালি লাগিলে শুনি লওক, কিন্তু একো নকৰিব। নিৰীহ লোকে গালি দিলে আৰক্ষীৰ পোছাকত দাগ নালাগে। কিন্তু অপৰাধীৰ বিৰুদ্ধে ইমান কঠোৰ হওক যাতে সাধাৰণ নাগৰিকে নিৰাপদ অনুভৱ কৰে।”

55

ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা কীৰ্তি কমল বৰাই আনন্দ মিশ্ৰৰ বদলিৰ পিছতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

লগতে চাওকঃ

সকলোৱে ভালকৈ থাকিব, নগাঁৱক মিছ কৰিমঃ বিদায় পৰত আনন্দ মিশ্ৰ

G3

Related Articles

Leave a Reply

Back to top button