fbpx
অসমীয়াঅসম

কিশোৰীক কৰাবলৈ ওলাইছিল বিয়া! ডিঙিত বৰমালা পিন্ধিয়েই ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল দৰা…

নিউজ ডেস্কঃ শেহতীয়াকৈ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰতা দেখুৱাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিশোৰীক বিয়া পাতিলেই জে’ললৈ যাব লাগিব বুলি সকীয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ এই সকীয়নিৰ পিছতে এতিয়া কিশোৰীক বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল এজন দৰা।

ডিঙিত বৰমালা পিন্ধিয়েই আৰক্ষী থানাত ভৰি দিবলগীয়া হয় দৰাই।

এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটত।

ৰূপহীহাটৰ খাটোৱালত এগৰাকী কিশোৰীক বিয়া কৰাবলৈ যোৱা উবাইদুল ইছলাম নামৰ যুৱকজনক বিয়াৰ পূৰ্বেই আটক কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, এগৰাকী নাবালিকাক বিয়া কৰাবলৈ ওলাইছিল উইবাইদুল ইছলামে।

কিন্তু ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ে এই খবৰ লাভ কৰাৰ পিছতে উপস্থিত হয় দৰাঘৰৰ ৰভাতলীত।

তাৰ পিছতে দৰাসহ তিনিজন লোকক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে তিনিওজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

বাল্য বিবাহ প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে।

Related Articles

Back to top button