fbpx
অসমীয়াৰাষ্ট্ৰীয়

কিমাশ্বৰ্যম! হাতত ধনু-কাঁড় লৈ এইবাৰ ইশ্বৰৰ ৰূপত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ভক্তই নিৰ্মাণ কৰিলে মন্দিৰ…

নিউজ ডেস্কঃ এতিয়া সমগ্ৰ দেশত ভগৱানৰ যুগ চলিছে। কেৱল নেদেখা ইশ্বৰকে যে মানুহে পূজা-অৰ্চনা আগবঢ়াইছে তেনে নহয়, সাধাৰণ মানুহকো ইশ্বৰৰ সৈতে তুলনা কৰি এতিয়া আৰম্ভ হৈছে এক বিশেষ ইশ্বৰ প্ৰাৰ্থনাৰ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভগৱান হিচাপে স্থাপন কৰি পূজা কৰাৰ ঘটনা বহুবাৰ সংঘটিত হৈছে দেশত। কেতিয়াবা যদি মোডীক ৰামৰ সৈতে তুলনা কৰা হৈছে, কেতিয়াবা আকৌ নাৰায়ণ বুলি আগবঢ়োৱা হৈছে নৈবদ্য।

কিন্তু এইবাৰ প্ৰধানমন্ত্ৰী মোডী নহয়, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হে ভগৱানৰূপে স্থাপন কৰি নিৰ্মাণ কৰা হ’ল এটা মন্দিৰ।

ৰাম নগৰী অযোধ্যাৰ পৰা ২৫ কিলোমিটাৰ নিলগত অযোধ্যা-প্ৰয়াগৰাজ ঘাইপথৰ ভাৰত কুণ্ডৰ সমীপৰ ভাদাৰছা গাঁৱত নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰী আদিত্যনাথৰ এটা মন্দিৰ।

এই মন্দিৰৰ ভিতৰত ভগৱান ৰামৰ দৰেই হাতত ধনু-কাঁড় লৈ থকা যোগী আদিত্যনাথৰ এটা প্ৰতিমূৰ্তি আছে।

image 142

আন আন মন্দিৰৰ দৰেই এই মন্দিৰটোতো প্ৰতিদিনে সন্ধিয়া যোগী আদিত্যনাথৰ প্ৰতিমূৰ্তিৰ সন্মুখত আৰতি হয়, পূজা-নৈবদ্য আগবঢ়ায়।

যোগী আদিত্যনাথৰ নামত এই মন্দিৰটো নিৰ্মাণ কৰিছে প্ৰভাকৰ মৌৰ্য নামৰ এজন ব্যক্তিয়ে। তেওঁৰ মতে, যোগী আদিত্যনাথে যিদৰে জনতাৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে, সেইদৰেই তেওঁ মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা স্বৰূপে নিৰ্মাণ কৰিছে এই মন্দিৰটো।

কিন্তু এজন সাধাৰণ লোকক এনেদৰে ভগৱান সজাই মন্দিৰ নিৰ্মাণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ভিন্ন মহলত। বিৰোধীয়েও ইয়াৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!