কিমাশ্চৰ্য‍্যকম! এম্বুলেন্সৰ ভিতৰত নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়, জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী

নিউজ ডেস্কঃ ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন, সিমানেই ন ন কৌশল অৱলম্বন কৰি চোৰাং সৰবৰাহ চলাই গৈছে একাংশই।

নিচাজাতীয় সামগ্ৰীৰ এনে এক আশ্বৰ্যকৰ সৰবৰাহ কাণ্ডই চৰ্চা লাভ কৰিছে নেট দুনীয়াত। এখন দ্ৰুতবেগী এম্বুলেন্সৰ ৰোগীৰ শিতানৰ গাৰুৰ পৰা উদ্ধাৰ কৰা হ’ল বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী।

এই ঘটনা সংঘটিত হৈছে চণ্ডিগড়ত। আম্বালা-চণ্ডিগড় ঘাইপথৰ ডাপ্পাৰ টোল প্লাজাত আৰক্ষীয়ে অভিযান চলাই এখন এম্বুলেন্সৰ পৰা ৮ কেজি আফিং জব্দ কৰাৰ লগতে ৩ জনক গ্ৰেপ্তাৰ কৰে।

image 262
কিমাশ্চৰ্য‍্যকম! এম্বুলেন্সৰ ভিতৰত নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়, জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী 4

আৰক্ষীয়ে সদৰী কৰা মতে, টোল প্লাজাত এম্বুলেন্সখন ৰখাওতে ভিতৰত থকা তিনিজন ব্যক্তিয়ে চিকিৎলায়লৈ যোৱাৰ ভাও ধৰে। তেওঁলোকৰ মাজৰে এজন ষ্ট্ৰেচ্ছাৰত ৰোগীৰ ভংগীমাৰে পৰি আছিল।

কিন্তু এম্বুলেন্সত অক্সিজেন চিলিণ্ডাৰ আৰু প্ৰাথমিক চিকিৎসাৰ কীট নেদেখি আৰক্ষীৰ সন্দেহ ওপজাত যাত্ৰীসকলক ভালদৰে পৰীক্ষা কৰে।

তাৰ পিছতে এম্বুলেন্সৰ ভিতৰত ৰোগীয়ে ব্যৱহাৰ কৰা গাৰুৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৮ কোজি আফিং।

image 263
কিমাশ্চৰ্য‍্যকম! এম্বুলেন্সৰ ভিতৰত নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়, জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী 5

সৰবৰাহকাৰী দলটোৱে আৰক্ষীৰ আগত স্বীকাৰ কৰা মতে একেই পদ্ধতিৰে প্ৰায় ১০ বাৰ প্ৰায় ৮-১০ কিলোগ্ৰামকৈ আফিং সৰবৰাহ কৰি আহিছিল দলটোৱে।

image 264
কিমাশ্চৰ্য‍্যকম! এম্বুলেন্সৰ ভিতৰত নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়, জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী 6

ইফালে আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে ৩ জনক। ধৃত সৰবৰাহকাৰী কেইজনক ৰবি শ্ৰীবাস্তৱ (২৮), হৰিন্দৰ শৰ্মা (৪৭) আৰু অংকুশ (২৭) বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজনকে এনডিপিএছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

মোহালিৰ এছএছপি বিবেক এছ চোনিয়ে কৈছিল যে গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইটাৰ লগতে, স্থানীয় প্ৰত‍্যক্ষদৰ্শীক আদালতত হাজিৰ কৰোৱা হৈছে আৰু ঘটনাটো সম্বন্ধে পৰবৰ্তী তদন্ত বৰ্তমান অব্যাহত আছে ।