‘কা’ আন্দোলনৰ সময়ত অসমত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল PFI-য়ে! অসমক বাংলাদেশৰ সৈতে চামিল কৰিব বিচাৰিছিলঃ পীযুষ হাজৰিকা

নিউজ ডেস্কঃ ‘কা’ আন্দোলনৰ সময়ত অসমত হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিছিল PFI-য়ে। কেন্দ্ৰীয় চৰকাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIক ৫ বছৰৰ বাবে নিষিদ্ধ কৰাৰ পিছতে এই প্ৰতিক্ৰিয়া ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ।

বুধবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে PFI হৈছে এটা জেহাদী সংগঠন। ইণ্ডিয়ান মুজাহিদীনক নিষিদ্ধ কৰাৰ পিছত PFI হৈ পৰিছিল বুলিও মন্তব্য কৰে মন্ত্ৰীজনে।

PFIয়ে অসমৰ কা আন্দোলনৰ সময়ত হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰা বুলি বিস্ফোৰক দাবী কৰি মন্ত্ৰী পীযুুষ হাজৰিকাই কয় যে PFIয়ে জেহাদ বিয়পাই অসমক দ্বিখণ্ডিত অথবা বাংলাদেশৰ সৈতে চামিল কৰাৰ ষড়যন্ত্ৰ ৰচিছিল।

বিধায়ক মানৱ ডেকাৰ মতত একমত প্ৰকাশ কৰি PFIক পাপী ফ্ৰণ্ট অৱ ইণ্ডিয়া আখ্যা দি মন্ত্ৰী হাজৰিকাই কয়, ‘PFIক ৫ বছৰৰ বাবে নিষিদ্ধ কৰাৰ বাবে মই সুখ পাইছো। কিন্তু মই বিচাৰো PFIক আজীৱন নিষিদ্ধ কৰিব লাগে।’