‘কা’ আন্দোলনৰ গোচৰ! শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ বিধায়ক অখিল গগৈ…

ৰাজ্য কঁপোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ৰ দুটা গোচৰ সংক্ৰান্তত পুনৰ আদালতত হাজিৰ বিধায়ক অখিল গগৈ।

শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ।

অখিল গগৈৰ আদালতত লগতে অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্টু মেছ, ছাত্ৰ মুক্তিৰ লক্ষ্যজ্যোতি গগৈ আৰু মানস কোঁৱৰো উক্ত গোচৰৰ সংক্ৰান্তত আদালতত হাজিৰ হয়।

শিৱসাগৰ সদৰ থানা আৰু গৌৰিসাগৰ থানাত ৰুজু হৈ থকা গোচৰৰ শুনানি আছিল মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত।

উল্লেখ্য যে, ‘কা’ আন্দোলনৰ সময়ত ৰাষ্ট্ৰদ্ৰোহৰ লগতে ১৪৪ ধাৰা উলংঘা কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে তৰিছিল গোচৰ।