Skip to toolbar
Mon. Sep 21st, 2020

দেশ কঁপোৱা যোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন।

যি আন্দোলনত শ্বহীদ হৈছিল অসমৰ ৫ জনকৈ নিৰীহ যুৱক।

উক্ত ঘটনা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ২০১৯ বৰ্ষৰ ১৯ ডিচেম্বৰত অসম মানৱ অধিকাৰ আয়োগত ৰুজু কৰা এক গোচৰ সন্দৰ্ভত ১৪ ছেপ্টেম্বৰত মানৱ অধিকাৰ আয়োগে এক শুনানি গ্ৰহণ কৰে।

শুনানিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰু্দ্ধে প্ৰতিবাদ কৰি শ্বহীদ হোৱা ৫ জন যুৱকৰ প্ৰসংগত চৰকাৰে তদন্ত কৰি এমাহৰ ভিতৰত মানৱ অধিকাৰ আয়োগত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

অন্যথা ১৮ বৰ্ছৰ উৰ্ধৰ শ্বহীদ ইশ্বৰ নায়ক আৰু আব্দুল আলিমৰ পৰিয়ালক চৰকাৰে সদ্যহতে ৩ লাখ টকাকৈ ক্ষতিপূৰণ আদায় দিব লাগিব আৰু ১৮ বছৰৰ অনুৰ্ধ শ্বহীদ দীপাঞ্জল দাস আৰু ছেম ষ্টেফৰ্ডৰ পৰিয়ালক চৰকাৰে সদ্যহতে ২ লাখ টকাকৈ ক্ষতিপুৰণ আদায় দিব লাগিব বুলি ৰায় দান কৰে।

আনহাতে ডিব্ৰুগড়ত শ্বহীদ হোৱা দীজেন্দ্ৰ পাংগিঙৰ ক্ষেত্ৰত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিদি পৰিয়ালে সৎকাৰ কৰা হ’ল যদিও সেইক্ষেত্ৰতো এখন প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

উল্লেখ্য যে, ২৩ ডিচেম্বৰ, ২০১৯ত অসম মানৱ অধিকাৰ আয়োগে ৰাজ্যৰ মুখ্য সচিবক ঘটনাটোৰ উচিত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু তাৰ পিছতো চৰকাৰে কোনো প্ৰতিবেদন দাখিল নকৰাৰ অভিযোগ উত্থাপন হোৱাত সোমবাৰে শুনানি গ্ৰহণ কৰি এনেদৰে ৰায়দান কৰে।

২৭৯২/২০২০ নম্বৰৰ এই গোচৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ১৩ জানুৱাৰী, ৩০ জানুৱাৰী, ২০ ফেব্ৰুৱাৰী আৰু ২৫ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল যদিও এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে প্ৰদেশ কংগ্ৰেছে।

জানিব পৰা অনুসৰি গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব ১৬ নৱেম্বৰ, ২০২০ত।

পঞ্চ শ্বহীদৰ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰা, প্ৰতিগৰাকী শ্বহীদৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপুৰণ দিয়া আৰু যিয়ে গুলীয়াইছিল তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা আদি দাবীৰে মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।