fbpx
অসম

কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে অসম আৰক্ষীৰ নেতৃত্ব আৰু কৰ্মীলৈ বিশেষ অনুৰোধ জি পি সিঙৰ…

অহা ৩১ জানুৱাৰীত নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব জি পি সিঙে৷

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে অসম আৰক্ষীৰ নেতৃত্ব আৰু কৰ্মীলৈ বিশেষ অনুৰোধ জনাইছে জি পি সিঙে।

সেই সমূহ হৈছে–

অসমবাসীক চিন্তা-চৰ্চাৰ আদান-প্ৰদান আৰু বিপদৰ সময়ত কনিষ্ঠ, মধ্য আৰু জ্যেষ্ঠ পৰ্যায়ৰ আৰক্ষী নেতৃত্বৰ সৈতে যোগাযোগ কৰিবলৈ এক মঞ্চ প্ৰদান কৰা।

আৰক্ষীৰ আউটপোষ্টৰ পৰা আৰক্ষী মুখ্য কাৰ্যালয়লৈকে নেতৃত্বৰ পদত থকা বিষয়াসকলে কনিষ্ঠ আৰক্ষী কৰ্মীসকলক সন্মান আৰু মৰ্যাদা প্ৰদান কৰা।

মহিলা আৰক্ষী কৰ্মীসকলৰ বাবে পৰ্যাপ্ত আৰু উপযুক্ত কৰ্ম পৰিৱেশ প্ৰদান কৰা।

ইয়াৰ লগতে ‘সন্মান অৰ্জন কৰক, দাবী নকৰিব’ বুলিও সামাজিক মাধ্যমত প্ৰকাশ কৰে জি পি সিঙে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!