কাৰ্যবাহী অভিযন্তাৰ কোঠাত প্রতিবাদত বহিল বিজেপিৰ ৱাৰ্ড কমিছনাৰ, কিন্তু কিয়..?

মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ ঘোষণা একপ্ৰকাৰে অসাৰ প্ৰতিপন্ন হৈছে মৰিগাঁও জিলাত।
বানপীড়িতৰ বাবে দমকল বিচাৰি গৈ বিষয়াৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’ল বিজেপিৰ এগৰাকী নেত্ৰী।
যাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কোঠাৰ মজিয়াত বহি প্ৰতিবাদ সাব্যস্ত কৰে নেত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি, বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেত্ৰী তথা বৰ্তমানৰ মৰিগাঁও পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ কমিছনাৰ অৰ্চনা বৰদলৈয়ে নিজ ৱাৰ্ডৰ বানপীড়িতক খোৱাপানীৰ অভাৱ দূৰ কৰিবলৈ দমকলৰ ব্যৱস্থা কৰাৰ বাবে মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগক অনুৰোধ কৰি আহিছিল যদিও বিভাগটোৰ বিষয়া-অভিযন্তাই কোনো গুৰুত্ব প্ৰদান কৰা নাছিল।
আনকি বানপীড়িতক খোৱাপানী যোগান ধৰাত চূড়ান্ত ব্যর্থতা প্রদর্শন কৰা মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাৰ্থপ্রতিম দাস নামৰ সহকাৰী অভিযন্তাগৰাকীয়ে বিজেপিৰ জনপ্রতিনিধিগৰাকীক দুৰ্ব্যৱহাৰ কৰা অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে মৰিগাঁও জিলাৰ বিস্তৃত অঞ্চলৰ লগতে কেইবাটাও ৱাৰ্ড ইতিমধ্যে বানৰ কবলত। যোৱা দিনসমূহত খোৱাপানীৰ যথেষ্ট অভাৱত ভোগা বানপীড়িত জনসাধাৰণৰ হৈ মৰিগাঁও পৌৰসভাৰ ৱাৰ্ড সদস্য অৰ্চনা বৰদলৈয়ে ৯ নং আৰু ১০ ৱাৰ্ডৰ বানপীড়িত ৰাইজৰ বাবে দমকল বিচাৰি যোগাযোগ কৰিছিল মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা পার্থপ্রতিম দাসৰ সৈতে।
কিন্তু দমকল যোগানৰ প্ৰতিশ্ৰুতি প্রদান কৰাৰ বিপৰীতে দুর্ব্যৱহাৰ কৰে অভিযন্তাগৰাকীয়ে। ইয়াতেই ক্ষুণ্ণ হৈ দুৰ্ব্যৱহাৰ কৰা অভিযন্তা পার্থপ্রতিম দাসক বিচাৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মৰিগাঁও সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় ৱার্ড সদস্য তথা বিজেপি নেত্রী অৰ্চনা বৰদলৈ।
ইমানেই নহয়, শাসকীয় দলৰ জনপ্ৰতিনিধিগৰাকীয়ে মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত কাৰ্যবাহী অভিযন্তাৰ কোঠাৰ মজিয়াতে বহি বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সংবাদ মাধ্যমৰ সন্মুখত সবিস্তাৰে বিৱৰি কান্দোনত ভাগি পৰে।