
নিউজ ডেস্কঃ আন এখন বিজেপি শাসিত ৰাজ্যত কাৰ্যকাল শেষ নৌহওঁতেই পদত্যাগ আন এগৰাকী মুখ্যমন্ত্ৰীৰ। এইবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে।
বাতৰি অনুসৰি বিপ্লৱ কুমাৰ দেৱে তেওঁৰ পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰিছে।

ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও জানিব পৰা মতে, আজি সন্ধিয়াই অনুষ্ঠিত হ’ব বিজেপিৰ এখন গুৰুত্বপূৰ্ণ।
এই বৈঠকতে ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে দিল্লী ভ্ৰমণৰ সময়ত বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিল।

ইফালে কাৰ্যকাল শেষ নৌহওতেই বিপ্লৱ কুমাৰ দেৱে মুখ্যমন্ত্ৰীৰ আসন এৰিবলগীয়া হোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।
I thank Central leadership & people of Tripura for giving me the responsibility to serve Tripura as a Chief Minister. I have wholeheartedly served my State & will always work for the betterment of my State.
— Biplab Kumar Deb (@BjpBiplab) May 14, 2022
Tripura shall definitely march ahead in the path of devt. Jai Hind.
ইয়াৰ পূৰ্বে কাৰ্যাকল সম্পূৰ্ণ হোৱাৰ পূৰ্বে বিজেপি শাসিত উত্তৰাখণ্ড, কৰ্ণাটক, গুজৰাটৰ দৰে ৰাজ্যত মুখ্যমন্ত্ৰী সলনি কৰিবলৈ বাধ্য হৈছিল বিজেপিয়ে।