কাৰ্বি পাহাৰত যৱনিকা পৰিল উগ্ৰপন্থী সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ, আলোচনাৰ মেজলৈ DNLA

কাৰ্বি পাহাৰত যৱনিকা পৰিল উগ্ৰপন্থী সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ।

আলোচনাৰ মেজলৈ আহিল ভয়ংকৰ দৈয়াংমুখ কাণ্ড সংঘটিত কৰা DNLA

ডিফুৰ ধনশিৰিত আলোচনা মেজলৈ অহা DNLAৰ নেতৃত্বক জনোৱা হ’ল আদৰণি।

DNLAৰ অধ্যক্ষ ইটিকা ডিফুছা, অতিৰিক্ত সেনধ্যক্ষ জুদ্দিচন হাফলংবাৰ ওৰফে আমেৰিকা ডিফুছা, সাধাৰণ সম্পাদক প্ৰিতমজিৎ জিদুং ওৰফে কালাও ডিমাছা কছাৰীক আদৰণি।

মন্ত্ৰী ৰণোজ পেগু, স্পেচিয়েল ADGP G P সিং,  বিশেষ শাখাৰ ADGP হিৰেন নাথে জনালে আদৰণি।

ধনশিৰীৰ ডাউজিনফাঙত অনুষ্ঠিত অনুষ্ঠানত বিদ্ৰোহী তিনি নেতৃত্বক জনোৱা হয় আদৰণি।

ইয়াৰ পিছতে তিনি বিদ্ৰোহী নেতাক লগত লৈ গুৱাহাটীলৈ ৰাওনা হয় মন্ত্ৰী আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া দল। 

গুৱাহাটীতে DNLAৰ শীৰ্ষ নেতৃত্বৰে চৰকাৰ প্ৰশাসনৰ মাজত সম্পন্ন হ’ব যুদ্ধবিৰতি চুক্তি।

Leave a Comment