কাৰ্বি আংলঙৰ ভোটগ্ৰহণ কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি, উত্তেজিত জনতাই জ্বলালে বেলট পেপাৰ, আৰক্ষীয়ে শূন্যলৈ গুলীচালনা

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণত কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি। উত্তেজিত জনতাই জ্বলালে বেলট পেপাৰ।

পশ্চিম কাৰ্বি আংলঙৰ ১ নং দুয়াৰ আমলা সমষ্টিত ভোটগ্ৰহণত সৃষ্টি হয় উতপ্ত পৰিস্থিতি।

ক্ষোভিত জনতাই বেলট বাকচধ্বংস কৰাৰ লগতে জ্বলাই দিয়ে বেলট পেপাৰ সমূহ।

আৰক্ষী আৰু ভোটাৰৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত জনতাক ছত্ৰভঙ্গ দিবৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলি চলাই।

উত্তেজিত জনতাই ভোটকেন্দ্ৰটোত নিয়োজিত হৈ থকা নিৰাপত্তাকৰ্মীসকলক আক্ৰমণ কৰাৰ চেষ্টা কৰে।

আনহাতে এই ঘটনাৰ বাবে অসম আৰক্ষী দোষী কৰিছে স্থানীয় ৰাইজে।

স্থানীয় লোকে কয়- আমি পুনৰ নিৰ্বাচনৰ দাবী জনাইছো নহ’লে আমি ভোটগ্ৰহণ অব্যাহত ৰাখিবলৈ অনুমতি নিদিওঁ। আমি বেলট পেপাৰজ্বলাইছো। ইয়াৰ বাবে অসম আৰক্ষী দোষী। কিছুমান বেলট বাকচৰ পৰা ষ্টাম্পটো হেৰাই গৈছিল আৰু আধা ঘণ্টাৰ পিছত আৰক্ষীৰ লগত সেই ষ্টাম্পটো পোৱা গৈছিল।

আবেলি ৪.৪৫ বজাৰ পৰা আৰম্ভ হোৱা উতপ্ত পৰিস্থিতিৰ সন্ধিয়া ৬.৩০ বজাতহে শামকাটে।

ইয়াৰ পূৰ্বে, ৰাতিপুৱা সময়ত, ডিজিপি জিপি সিঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট কেন্দ্ৰ সমুহ টুইটা কৰিছিল যে, “প্ৰকৃতিৰ কোলাত অৱস্থিত জিলা কাৰ্বি আংলঙে কেএএচি নিৰ্বাচনৰ বাবে সাজু হৈছে।’