কাৰোবাৰ পৰা ১টকা ঘোচ লোৱা বুলি প্ৰমাণ দিলে মই সাংবাদিকতা এৰি পথাৰত হাল বামঃ নিতুমণি শইকীয়া

সাংবাদিক নিতুমণি শইকীয়াৰ সাংসাৰিক জীৱনকৈ লৈ কেইবাদিনো ধৰি চলি থকা চৰ্চাৰ মাজতে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে সাংবাদিক গৰাকীয়ে।
সংবাদমেলত সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিতুমণি শইকীয়াই।
পত্নীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰায়বোৰ অভিযোগ নস্যাত কৰি শইকীয়াই আদালতত চলি থকা বিষয়টোক লৈ আশাবাদী বুলিও মত প্ৰকাশ কৰে।
তেওঁ কয়- যদিহে তেওঁ বিচাৰে তেন্তে মই ৰাজী আছো। ছোৱালীজনী মোৰ জান আৰু কলিজা। গতিকে তেওঁক এই বিৰ্তকৰ মাজলৈ নানিব।
নিতুমণি শইকীয়াৰ লগতে কয়- মোৰ পত্নীয়ে কোৱা দৰে মোৰ কোনো ৩টা তিনিটা ফ্লেট নাই। মোৰ এটা মাত্ৰ ফ্লেট আছে, তাকো সেইটোৰ নিৰ্মাণ কৰি থকা হৈছে। আধাকৈ বনোৱা ঘৰ এটাত থাকিব নোৱাৰাৰ কাৰনেই মই হাউচিঙৰ ঘৰত আছো। এই ফ্লেটটো যেতিয়া নিৰ্মাণ শেষ হ’ব তেতিয়া মই হাউচিঙৰ ঘৰটো এৰি দিম। সেইকণ নৈতিকতা মোৰ আছে। মই নিৰ্মাণ কৰি থকা ফ্লেটটো হৈছে ২৩০০ স্কোৱাৰ ফিটৰ। আৰু সেই ফ্লেটটোৰ মূল্য ৬২লাখ টকা। সেই ফ্লেটটো ঋণ লৈহে কৰিছো।
আনহাতে নিতুমণি শইকীয়াই লোৱা বাহনৰ সন্দৰ্ভতো কয় যে, মই প্ৰথমখন গাড়ী ঋণ লৈছিলো আৰু সেই সময়ত মোৰ শ্ৰদ্ধাৰ বৌ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই মোক ৫লাখ টকা দিছিল। ইয়াৰ পিছতে মই ২৭লাখ টকাৰ ফৰচুনাৰ গাড়ীখনো ঋণ লৈ কিনিছো।
তেওঁ কয়- যিসকলে ভাৱি আছে যে মই মোৰ বাহন আৰু ঘৰ কাৰোবাৰ পৰা উপহাৰ হিচাপে লাভ কৰিছো তেওলোকক মই প্ৰত্যাহ্বান জনাই কও যে, অসমৰ এজন মানুহৰ পৰাও মই ১টকা ঘোচ লোৱা বুলি প্ৰমাণ দিব পাৰে তেন্তে মই সাংবাদিকতা এৰি পথাৰত হাল বাম।
কিন্তু এটা কথা মই কব পাৰো যে, বৰ্তমান সময়ত মই লাখ টকা দৰমহা পোৱা এজন ব্যক্তি।- নিতুমণি শইকীয়া