fbpx
অসমীয়াঅসম

কাৰোবাৰ কোলাত যদি এমহীয়া কেঁচুৱা, আন কোনোবা আকৌ অন্তঃসত্বা! মুখ্যমন্ত্ৰীৰ এটা সিদ্ধান্তই অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিলে এইসকল বোৱাৰীক…

নিউজ ডেস্কঃ উদ্দেশ্য প্ৰশংসনীয়। কিন্তু সেই প্ৰশংসনীয় উদ্দেশ্যই এতিয়া কাল সন্ধ্যা নমাই আনিছে অলেখ বোৱাৰীৰ ভৱিষ্যতলৈ।

কাৰোবাৰ যদি কোলাত দুমহীয়া সন্তান, আন কোনোবা আকৌ ৭ মাহৰ অন্তঃসত্বা!

মতাটোৱেই তেওঁলোকৰ ভৱিষ্যত আছিল, ভৰষা আছিল। দুবেলা দুমুঠি আনি ভৰণ পোষণ দিছিল।

সকলোৰে পাৰিবাৰিক জীৱনত যে অশান্তি আছিল তেনে নহয়, বহুতেই সুখী আছিল তেওঁলোকৰ জীৱনক লৈ। আছিল সীমাহীন ভালপোৱা।

ইজনে আনজনৰ প্ৰতি বিশ্বাস ৰাখি লাহে লাহে আগবাঢ়িছিল যুগ্ম জীৱনৰ কণ্টকময় বাটত।

কিন্তু নিমষতে যেন সলনি হৈ গ’ল সকলো।

মুখ্যমন্ত্ৰীৰ মাত্ৰ এটা সিদ্ধান্তই এতিয়া শংকিত কৰিছে বহু বোৱাৰীক।

বাল্য বিবাহ ৰোধৰ বাবে মুখ্যমন্ত্ৰীয়ে অবৈধ স্বামীৰ বিৰুদ্ধে ঘোষণা কৰিছিল অভিযান।

তাৰ পিছতে বৃহস্পতিবাৰে নিশাৰ পৰা ৰাজ্যৰ ৪ হাজাৰৰো অধিক বাল্য বিবাহ কৰা স্বামীৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে।

কাৰোবাক যদি ঘৰৰ পৰা, কাৰোবাক আকৌ বাটৰ পৰাই আটক কৰি থানালৈ লৈ গ’ল আৰক্ষীয়ে।

তাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে সেই সকল ব্যক্তিয়ে বিয়া কৰাই অনা বোৱাৰীসকলৰ মাজত।

বহুতেই আৰক্ষী থানাৰ সন্মুখত স্বামীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

বহু মাতৃয়ে পুত্ৰৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহিছে।

তাৰেই এগৰাকী মহিলাই (যাক কম বয়সতে বিয়া কৰোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে স্বামীক) থানাৰ সন্মুখত কান্দি কান্দি কৈছে- মই ৭ মাহৰ অন্তঃসত্বা।

তেওঁলোকৰ মাজত নাই হাইকাজিয়া। কম বয়সতে হ’লেও প্ৰেমত পৰিয়েই তেওঁলোকে ইজনে আনজনক নিজৰ কৰি লৈছিল।

যাৰ ভৰষাত তেওঁ জীৱনটো কটাব বিচাৰিছিল, তেওঁকেই নি কাৰাগাৰত বন্দী কৰি ৰখাত এতিয়া ভাগি পৰিছে।

আৰক্ষীক হুংকাৰ দি কৈছে- ‘মানুহজনৰ সৈতে মোকো জে’লত ভৰাই থওক, নহ’লে আৰক্ষীৰ গাড়ীৰ আগত পৰি প্ৰাণ দিম।’

গহপুৰৰ এগৰাকী বোৱাৰীয়ে কান্দিছে স্বামীক আৰক্ষীয়ে ধৰি নিয়াৰ বাবে।

এটি কণমানি সন্তানৰ মাতৃ এই বোৱাৰীগৰাকীও স্বামীৰ সৈতে আছিল সুখী। বুজাপৰাৰ মাজেৰে এতি সুখেৰে চলিছিল তেওঁলোকৰ বৈবাহিক জীৱন।

কিন্তু এতিয়া স্বামীক ধৰি নিয়াৰ পিছত ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে তেওঁ। কিদৰে চলিব, সন্তানকে বা অকলে চম্ভালিব কেনেকৈ?

মাতৃগৃহলৈ উভতিও যাব নোৱাৰে। এবাৰ বিয়া হৈ গুচি অহাৰ পিছত মাতৃগৃহলৈ বা আঁকোৱালি ল’ব কিয়? অ’.. আলহী খোৱাকৈ দুদিন গৈ থাকিব পাৰি!

এনে চিন্তাই এতিয়া ব্যতিব্যস্ত কৰিছে বোৱাৰীগৰাকীক।

তেওঁ কৈছে- চৰকাৰে নতুন আইন আনিছে ভাল কথা। সেয়া ২০২৩ চনৰ পৰা জাৰি কৰক। কিন্তু পূৰ্বৰে পৰা কিয়? যেতিয়া এনে বাল্য বিবাহ হৈছিল, তেতিয়া চৰকাৰে কি কৰি আছিল?

এই প্ৰশ্ন নিশ্চয় অনৰ্থক নহয়। বাল্য বিবাহৰ বলি হোৱা বোৱাৰীসকলক চৰকাৰে সাহায্য প্ৰদানৰ ঘোষণা কৰিছে ঠিকেই। কিন্তু অৰুণোদয় আঁচনিৰ ১২০০ টকাৰে জানো ঘৰ চলে?

চৰকাৰৰ প্ৰশংসনীয় সিদ্ধান্তই এতিয়া অলেখ বোৱাৰীৰ জীৱনলৈ নমাই অনা অনিশ্চিত ভৱিষ্যতৰ সংশয়ে উত্থাপন কৰিছে বহু প্ৰশ্নৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!