কাৰাগাৰৰ কুঠৰীত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ লিখিব উদ্ধৱ ভৰালীয়ে, ক’লে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ…

“ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ প্ৰতি সন্মান জনায়েই মই আজি আত্মসমৰ্পণ কৰিম।” – কিশোৰ যৌন নিৰ্যাতনত অভিযুক্ত পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে সংবাদ মাধ্যমৰ সন্মুখত আত্মসমৰ্পণৰ পূৰ্বে ক’লে এনেদৰে।

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে উদ্ধৱ ভৰালীৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতে গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈ পৰিছে তেওঁৰ। যাৰ বাবে শুকুৰবাৰে আত্মসমৰ্পণৰ সিদ্ধান্ত লয় উদ্ধৱ ভৰালীয়ে।

1-2

তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা প’স্ক আইন সন্দৰ্ভত উদ্ধৱ ভৰালীয়ে কয়, “এই আইন আচলতে সুৰক্ষাৰ বাবে অনা হৈছিল, কিন্তু মোৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে ব্যৱহাৰ কৰা হৈছে।”

“মই আইনক সন্মান কৰোঁ। সেইবাবেই মই আত্মসমৰ্পণৰ সিদ্ধান্ত লৈছোঁ। কিন্তু ৰাইজ আৰু সংবাদ মাধ্যমৰ ওপৰত মোৰ বিশ্বাস আছে। এদিন সত্য পোহৰলৈ আহিব।” -উদ্ধৱ ভৰালীয়ে লগতে কয়।

আনহাতে কাৰাগাৰৰ কুঠৰীত তেওঁ তেওঁৰ আৱিষ্কাৰ সম্পৰ্কে এখন হাতপুথি লিখাৰ কাম আৰম্ভ কৰিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে। তেওঁৰ কিতাপখনৰ নাম হব যন্ত্ৰ আৰু যন্ত্ৰণা।

তদুপৰি তেওঁ কাৰাগাৰত থকাৰ সময়ত তেওঁৰ ঘৰ-মাটিৰ এক চৰজমিন তদন্ত কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ সাংবাদিকক আহ্বান জনায় উদ্ধৱ ভৰালীয়ে।

তেওঁ কয়, “মই কেতিয়াও পলায়ন কৰা নাই। আৰু এতিয়াও পলায়ন নকৰোঁ। কেৱল মই বিচাৰোঁ মই নথকা কালত মোৰ ঘৰ-বাৰী পৰিদৰ্শন কৰি মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ চৰজমিন তদন্ত কৰিব আপোনালোকে।”

উল্লেখ্য যে তুলি লোৱা এগৰাকী কিশোৰীক এবছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল উদ্ধৱ ভৰালীৰ বিৰুদ্ধে। এই গোচৰত ন্যায়ালয়ে প্ৰথমে ভৰালীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে যদিও পিছত ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনি জামিন নাকচ কৰে।

সৰু-বৰ বিভিন্ন আৱিষ্কাৰৰ বাবে ২০১৯ চনত উদ্ধৱ ভৰালীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল ভাৰত চৰকাৰে।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

G7

চহৰৰ পদপথৰ নলাত পৰিল মাতৃসহ কণমানি! কথমপি প্ৰাণৰক্ষা

G5

Leave a Comment