কাৰাগাৰলৈ অসমৰ দুগৰাকী প্ৰাক্তন বিধায়ক…

কাৰাগাৰলৈ অসমৰ দুগৰাকী প্ৰাক্তন বিধায়ক।

প্ৰাক্তন বিধায়ক জিতেন গগৈ, কুশল দুৱৰীক কাৰাদণ্ড।

বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু থাওঁৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীকে ধৰি পাঁচজন লোকক দুবছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকাৰ জৰিমনা বিহিছে গোলাঘাটৰ এখন ফাষ্ট ট্ৰেক আদালতে।

G1 9
কাৰাগাৰলৈ অসমৰ দুগৰাকী প্ৰাক্তন বিধায়ক... 2

২০০৯ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাৱে প্ৰৱেশ কৰি উদ্যানখনৰ ঘিলাধাৰী ডুবিত জালেৰে মাছ মৰাৰ উপৰি এই কাৰ্যত বাধা দিয়াৰ বাবে সেই সময়ৰ কঁহৰা ৰেঞ্জৰ বনাঞ্চলিক বিষয়া ধৰণীধৰ বড়োক ভাবুকি দিয়াৰ গোচৰত দণ্ডিত হৈছে আটাইকেইগৰাকী।

উল্লেখ্য যে দুয়োগৰাকী প্ৰাক্তন বিধায়কসহ তেওঁলোকৰ সতীৰ্থ ডম্বৰুধৰ গগৈ, বাবু গগৈ আৰু তৰুণ বৰাই বনাঞ্চলিক বিষয়াগৰাকীক এ কে ৪৭ ৰাইফল দেখুৱাই ভাবুকিও প্ৰদান কৰিছিল।

এই ঘটনাৰ পিছতে বনাঞ্চলিক বিষয়াগৰাকীয়ে স্থানীয় আৰক্ষী থানাত এফ আই আৰ দাখিল কৰাত আটাই কেইজনৰ বিৰুদ্ধে বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

গোচৰ ৰুজু হোৱাৰ প্ৰায় ১৩ বছৰ পিছত গোলাঘাটৰ ফাষ্ট ট্ৰেক আদালতে আজি এই ৰায় প্ৰদান কৰি ঘটনাত ব্যৱহৃত এ কে ৪৭ ৰাইফল আৰু তিনিখন জীপচী গাড়ীও জব্দ কৰাৰ নিৰ্দেশ দিয়ে।  

Leave a Comment