কাৰণঃ অন্ধবিশ্বাস! বৃহৎ নদীবান্ধ প্ৰকল্পত শ্ৰমিকৰ মাজত প্ৰচণ্ড সংঘাত, জ্বলাই দিয়ে এটা কণ্টেইনাৰ…

নিৰ্মীয়মান বৃহৎ নদীবান্ধ প্ৰকল্পত শ্ৰমিকৰ মাজত প্ৰচণ্ড সংঘাত।

দুটা ফৈদৰ শ্ৰমিকৰ সংঘাতত আহত কেইবাজনো। একাংশ শ্ৰমিকে জ্বলাই দিয়ে এটা কণ্টেইনাৰ।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো প্ৰহাৰ শ্ৰমিকৰ।

নিৰ্মীয়মান গেৰুকামুখ প্ৰকল্পত ৪ নম্বৰ ব্লকত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা।

মাৰপিটৰ ঘটনাৰ কাৰণ হৈছে অন্ধবিশ্বাস।

দুজন শ্ৰমিকে দেহৰ অংগ কাটি পূজা কৰাক লৈ এই মাৰপিটৰ ঘটনা।

আনকি উত্তেজিত শ্ৰমিকে জ্বলাই দিলে এটা কণ্টেইনাৰত থকা চিভিল অফিচো।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি ১৭ মাৰ্চৰ পুৱাই তিনিজন শ্ৰমিকে নিৰ্মাণ থলিত পূজা-পাতল কৰি থকা দেখা পায় আন কেইজনমান শ্ৰমিকে৷

বিষয়টোক লৈ প্ৰশ্ন কৰাত পূজা কৰি থকা শ্ৰমিক কেইজনে নিৰ্মাণস্থানত নিয়োজিত আৰু ১৮৫ জন শ্ৰমিকৰ মৃত্যু হব বুলি ভৱিষ্যতবাণী কৰে৷

ইয়াৰ পিচতে আন শ্ৰমিক সকলৰ মাজত পূজা-পাতল কৰি শ্ৰমিকক হত্যা কৰিব বিছাৰিছে বুলি এক ভূৱাবাতৰি প্ৰচাৰ কৰি দিয়াৰ লগে লগে উত্তেজিত হৈ পৰে অন্য শ্ৰমিক সকল।

সকলোৱে আক্ৰমণৰ লক্ষ্য কৰি ললে পূজা-পাতল কৰা শ্ৰমিক কেইজনক৷

প্ৰাণ ৰক্ষা কৰিবলৈ শ্ৰমিক তিনিজনৰ দুজন সোমাল কণ্টেইনাৰত থকা চিভিল কৰ্যালয়ৰ ভিতৰত আৰু এজনে দিলে নদীত জাপ।

উত্তেজিত শ্ৰমিক সকলে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ পৰিস্থিতি অধিক জটিল কৰি জুই লগাই দিয়ে কণ্টেইনাৰত৷

আক্ৰমণৰ লক্ষ্য হৈ পৰা শ্ৰমিক কেইজনৰ দুজনক জীৱন্তে উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈ সন্ধান পোৱা নাই নদীত জাঁপ দিয়া জনৰ।

অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

Leave a Comment