কােটিপতি ইউটিউবাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযােগ যুৱতীৰ! এছপিৰ ওচৰত অভিযােগ দাখিল

নিউজ ডেস্কঃ অসমৰ এজন ইউটিউবাৰৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ তুলি আৰক্ষী অধীক্ষকলৈ পত্ৰ লিখিছে এগৰাকী যুৱতীয়ে।

ইউটিউব চেনেলত নায়িকা সজোৱাৰ প্ৰলোভন দি আৰু চহৰৰ মাজমজিয়াত গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি যুৱতীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ অন্যতম জনপ্ৰিয় ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, ফেচবুকৰ জৰিয়তে হোজাইৰ যুৱতীগৰাকীৰ সৈতে পৰিচয় ঘটিছিল ইউটিউবাৰ মুস্তাফিজুৰৰ।

2 5
কােটিপতি ইউটিউবাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযােগ যুৱতীৰ! এছপিৰ ওচৰত অভিযােগ দাখিল 3

তাৰ পিছতে তেওঁ যুৱতীগৰাকীক প্ৰেমৰ প্ৰলোভন দেখুৱাই নিজৰ যৌন কামনা চৰিতাৰ্থ কৰে। তেওঁৰ ইউটিউব চেনেল ‘ভাইটি মিউজিক কোম্পানী’ৰ অংশীদাৰ কৰি লোৱাৰ লগতে যুৱতীগৰাকীক ইউটিউবৰ নায়িকা সজোৱাৰো প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে গোৱালপাৰা চহৰৰ মাজমজিয়াত যুৱতীগৰাকীক এটা ঘৰ সাজি দিয়াৰ প্ৰলোভন দেখুওৱা মুস্তাফিজুৰে যুৱতীগৰাকীক যোৱা আগষ্ট মাহত গুৱাহাটীলৈ মাতি আনি বিলাসী হোটেলত ইচ্ছাৰ বিপৰীতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ তোলে যুৱতীগৰাকীয়ে।

G06
কােটিপতি ইউটিউবাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযােগ যুৱতীৰ! এছপিৰ ওচৰত অভিযােগ দাখিল 4

যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, যোৱা এবছৰ ধৰি মুস্তাফিজুৰ ৰহমানে তেওঁক বিয়াৰ প্ৰলোভন দি যৌন আতিশয্য চলাই আহিছে।

বিগত প্ৰায় ৭ মাহে গোৱালপাৰা চহৰৰ বেলতলাত ভাড়া ঘৰ লৈ বাস কৰি থকা হোজাইৰ যুৱতীগৰাকীয়ে যেতিয়া জানিব পাৰিলে যে মুস্তাফিজুৰে নায়িকা সজোৱাৰ প্ৰলোভন দি আন যুৱতীৰ সৈতেও যৌন অভিসাৰ চলাই আহিছে, তেতিয়াই যুৱতীগৰাকীয়ে গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰে।

আনহাতে যোৱা ৯ জুনত মুস্তাফিজুৰে আন কেইবাজনো লোকক লগত লৈ যুৱতীগৰাকীৰ ভাড়াঘৰত প্ৰৱেশ কৰি ভয়-ভাবুকি প্ৰদান কৰাৰো অভিযোগ কৰে যুৱতীগৰাকীয়ে।

তেওঁৰ মতে, নিশা ৮ বজাত মুস্তাফিজুৰে তেওঁৰ ভাড়াঘৰত প্ৰৱেশ কৰি পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰো ভাবুকি দিয়ে।

এই ঘটনাৰ পিছতে ১১ জুনত যুৱতীগৰাকীয়ে মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰে যদিও ধনৰ বলেৰে বলীয়ান ইউটিউবাৰ জনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে।

যাৰ বাবে ভুক্তভূগী যুৱতীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি দেওবাৰে মুস্তাফিজুৰৰ বিৰুদ্ধে পুনৰ এবাৰ অভিযোগ উত্থাপন কৰে।

আনকি মুস্তাফিজুৰে ইউটিউবৰ উপৰিও অইন অসৎ পন্থা গ্ৰহণ কৰি ধন উপাৰ্জন কৰি অহাৰো বিস্ফোৰক অভিযোগ তোলে যুৱতীগৰাকীয়ে।

যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা বিৱৰি গোৱালপাৰা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীক এখন লিখিত অভিযোগ দাখিল কৰে।

ইপিনে, ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এই বিষয়ত স্পষ্টীকৰণ দাঙি ধৰিছে।

ভিডিঅ’ বাৰ্তাত মুস্তাফিজুৰে যুৱতীগৰাকীৰ অভিযােগক নস্যাৎ কৰিছে।

তেওঁ যুৱতীগৰাকীক সংবাদ মাধ্যমৰ সলনি আইনৰ কাষ চাপিবলৈ আহ্বান জনােৱাৰ লগতে এই মিছা অভিযােগৰ উচিত প্ৰত্যুত্তৰ আইনৰ জৰিয়তে দিব বুলিও কয়।

2 thoughts on “কােটিপতি ইউটিউবাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযােগ যুৱতীৰ! এছপিৰ ওচৰত অভিযােগ দাখিল”

Comments are closed.