কােচ ৰাজ্যৰ পিছত এইবাৰ উঠিল পৃথক ৰাভা স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী…

কােচ ৰাজ্যৰ পিছত এইবাৰ ৰাজ্যত উত্থাপন হৈছে পৃথক ‘ৰাভা স্বায়ত্ত্বশাসিত ৰাজ্য’ গঠনৰ দাবী।

গোৱালপাৰা জিলাৰ জয়ৰামকুচিৰ পৰা কামৰূপ জিলাৰ ৰাণীলৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ৰাভা হাছং স্বায়ত্ত্ব শাসিত ৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছে ৰাভা জাতীয় যুৱ পৰিষদে।

ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, আৰছু, ষষ্ঠ অনুসূচী দাবী সমিতিকে আদি কৰি বিভিন্ন ৰাভা জাতীয় সংগঠনে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুত কৰাৰ বাবে আন্দোলন কৰি অহাৰ সময়তে এইবাৰ ৰাভা স্বায়ত্ত্বশাসিত ৰাজ্য গঠনৰ দাবীয়ে যথেষ্ট যথেষ্ঠ তাৎপৰ্য বহন কৰিছে।

ইপিনে, টংকেশ্বৰ ৰাভাৰ নেতৃত্বত চলি থকা বৰ্তমানৰ ৰাভা হাছং পৰিষদৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে ৰাভা জাতীয় যুৱ পৰিষদৰ নেতৃত্বই।

ৰাভা জাতিৰ সমস্যা সমাধানৰ বিপৰীতে টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছঙত একনায়কত্ববাদ চলাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৰাভা জাতীয় পৰিষদৰ নেতৃত্বই৷

আৰছুৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভা, বীৰেন টোটলা, ৰাভা জাতীয় যুৱ পৰিষদৰ সম্পাদক প্ৰফুল্ল ৰংখই বৰ্তমানৰ ৰাভা পৰিষদখনৰ কাম-কাজক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, ৰাভা স্বায়ত্ত্বশাসিত ৰাজ্যয়ে একমাত্ৰ ৰাভা জাতিক সুৰক্ষিত কৰিব।

আগন্তুক সময়ত ৰাভা জাতীয় যুৱ পৰিষদে ৰাভা স্বায়ত্ত্বশাসিত ৰাজ্য গঠনৰ দাবীত অধিক সক্ৰিয় হৈ পৰিব বুলিও জানিবলৈ দিয়ে নেতৃত্বই।