কােকৰাঝাৰৰ বহুচৰ্চিত এখন বিয়াৰ অতিথি হ’ল অসমৰ মুখ্যমন্ত্ৰী, ন দম্পতীক জনালে শুভেচ্ছা

সোমবাৰে কোকৰাঝাৰৰ খাৰগাঁৱত সদৌ বড়ো ছাত্ৰ সন্থা (এবছু) ৰ প্রাক্তন নেতা মনেশ্বৰ দৈমাৰীৰ বিবাহ অনুষ্ঠানত উপস্থিত হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে বিবাহ থলীত উপস্থিত হৈ দৰা মনেশ্বৰ দৈমাৰী আৰু কইনা চম্পা বড়োক যুগ্ম জীৱনৰ শুভাষীস প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

FJ2-Vqnwac-AMxqil

বিবাহৰ মাংগলিক অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে আনন্দ ব্যক্ত কৰে।

ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “আজি কোকৰাঝাৰ জিলাৰ খাৰগাঁৱত উপস্থিত হৈ সদৌ অসম বড়ো ছাত্ৰ সন্থাৰ প্রাক্তন নেতা শ্রীমনেশ্বৰ দৈমাৰীৰ সৈতে শ্রীমতী চম্পা বড়োৰ শুভ পৰিণয়ৰ মাংগলিক মুহূর্তত দুয়োকে শুভকামনা জ্ঞাপন কৰোঁ।

FJ2-Vp8-Va-AAEilhy

তেখেতসকলৰ আগন্তুক যুগ্ম জীৱন সুখ-শান্তিৰে উপচি পৰক।

বিবাহ অনুষ্ঠানটিত মোৰ সৈতে অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰীবিশ্বজিৎ দৈমাৰী, সতীৰ্থ মন্ত্ৰী শ্ৰী ইউ জি ব্ৰহ্ম আৰু বি টি আৰৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীপ্ৰমোদ বড়োও উপস্থিত আছিল।”

মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক যুগ্ম জীৱনৰ শুভকামনা জনাই বড়ো ভাষাতো পোষ্ট কৰে।

FJ2-Vqnwac-AMxqil

উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ নিস্বাৰ্থ কৰ্মীৰূপে বড়ো সমাজত বিপুলভাৱে জনপ্ৰিয় মনেশ্বৰে ৪৪ বছৰ বয়সত দাম্পত্য জীৱনৰ পাতনি মেলিলে।

ফেচবুকৰ জৰিয়তে পৰিচয় ঘটা এগৰাকী যুৱতীয়েই তেওঁৰ জীৱনত ‘চম্পা’ ফুলালে।

‘গৌদান হুৱা’ (দৰা) হৈ মনেশ্বৰে নিজৰ সংসাৰলৈ আদৰি আনিলে বাগ্সা জিলাৰ তামুলপুৰৰ ‘গৌদান হিঞ্জাও’ (ন-কইনা) বড়ো সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী চম্পা বড়োক।

FJ2-Vq6na-QAAtr8

বাক্সা জিলাৰ মনেশ্বৰৰ পুখুৰীপাৰ গাঁৱত ১৯৭৭ত জন্মগ্ৰহণ কৰা মনেশ্বৰে এবছুৰ স’তে জড়িত হোৱাৰ পিছৰে পৰাই ছাত্ৰ সংগঠনটোৰ একনিষ্ঠ কৰ্মী হৈ পৰিছিল।

পৰৱৰ্তী সময়ত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক, সাংস্কৃতিক সম্পাদক আদি পদ অলংকৃত কৰি যোৱা বছৰ তেওঁ এবছুৰ পৰা অব্যাহতি লৈছিল।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

ওভতনি যাত্ৰাপথত দুৰ্ঘটনাগ্ৰস্ত বৰযাত্ৰীৰ গাড়ী, এজনৰ মৃত্যু, আহত ৪

G4

Leave a Comment