কাশ্মীৰ ফাইলছ চাই কিয় উচুপিছিল আঙুৰলতা ডেকাই? ব্যাখ্যা কৰিলে প্ৰকৃত কাৰণ…

নিউজ ডেস্ক। অসমত বিৰোধী আছে নেকি, সেই কথা গমেই নাপায় ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই। বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে সমাগত ৰাজ্যসভা নিৰ্বাচনৰ প্ৰসংগত মন্তব্য কৰে এইদৰে।

সাংবাদিকৰে বাৰ্তালাপৰ সময়ত আঙুৰলতা ডেকাই কয় যে ৰাজ্যসভা নিৰ্বাচনক লৈ নতুনকৈ ক’বলগীয়া একো নাই। মুখ্যমন্ত্ৰীয়ে কিবা অংক কৰিয়েই দুয়োখন আসনত বিজেপি মিত্ৰজোঁট জিকিব বুলি কৈছে বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়িকাগৰাকীয়ে।

1 4 1
কাশ্মীৰ ফাইলছ চাই কিয় উচুপিছিল আঙুৰলতা ডেকাই? ব্যাখ্যা কৰিলে প্ৰকৃত কাৰণ... 2

এই সময়তে সাংবাদিকে বিৰোধীয়ে কৰা দাবী সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত আঙুৰলতা ডেকাই কয়, ‘অসম বিৰোধীও আছে নেকি? মইতো গমেই নাপাও।’

বিৰোধীবিহীন অসম গঢ়াৰ সপোন দেখা বিজেপিৰ এগৰাকী নেত্ৰীৰ মুখত এনেধৰণৰ কথা অস্বাভাৱিক নহয় যদিও যোৱা বিধানসভা নিৰ্বাচনত নিজেই বিৰোধী দলৰ প্ৰাৰ্থী শিৱামণি বৰাৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগা হোৱা আঙুৰলতা ডেকাই এতিয়া বিৰোধীৰ উপস্থিতিক নসাৎ কৰিব বিচৰা কাৰ্যকলৈহে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

অৱশ্যে আঙুৰলতাই নিজৰ ভুল শুধৰাই লগতে কয়, ‘বিৰোধী আছে, কিন্তু সক্ৰিয় নহয়।’ তেওঁ কয় যে এতিয়া চৌদিশে কেৱল বিজেপিৰ জয়জয়কাৰ হৈ দেখা পোৱা যায়। বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু অসমৰ পৌৰ সভা নিৰ্বাচন তাৰেই প্ৰমাণ। বিজেপিৰ আসন দিনকদিনে বাঢ়িহে গৈ আছে।

আনফালে দ্য কাশ্মীৰ ফাইলছ চাই তেওঁ কিয় কান্দিছিল, তাৰ কাৰণ ক’বলৈ গৈ নিজকে প্ৰথমে অভিনেত্ৰী, আৰু তাৰ পিছতহে ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি বুলি পৰিচয় দিয়ে আঙুৰলতা ডেকাই।

তেওঁ কয়, ‘দ্য কাশ্মীৰ ফাইলছত কি হ’ব আমি সকলোৱে জানো। আমি এইটোও জানো যে তাত ৫০ শতাংশহে দেখুওৱা হৈছে। গতিকে অভিনেত্ৰী হিচাপে মই চৰিত্ৰৰ মাজত সোমাই পৰি সেই সময়ত মই কি কৰিলোঁহেতেন সেয়া ভাৱি আবেগিক হোৱাটো একো ডাঙৰ কথা নহয়।’

Leave a Comment