কালী পূজা, দেৱালীত আকৌ বতৰে দিব বিধি-পথালি! প্ৰৱল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ…

নিউজ ডেস্কঃ আগন্তুক ২৪ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ৰাজ্যত উৎসৱৰ উছাহ ম্লান পেলাই ধাৰাসাৰ বৰষুণৰ আগজাননী ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা ব্যক্ত কৰা মতে, ২৪ অক্টোবৰৰ পৰা ৰাজ্যৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বজ্ৰপাতো পৰিব পাৰে।

photo1666434703
কালী পূজা, দেৱালীত আকৌ বতৰে দিব বিধি-পথালি! প্ৰৱল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ… 4

অসমৰ লগতে উত্তৰ পূৰ্বৰ আন আন ৰাজ্য সমূহত এই সময়ছোৱাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

বংগােপ সাগৰত নিম্ন চাপৰ সৃষ্টি হােৱা বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হােৱা বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

photo1666435689
কালী পূজা, দেৱালীত আকৌ বতৰে দিব বিধি-পথালি! প্ৰৱল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ… 5

এই সময়ছোৱাত মহানগৰীৰো আকাশ হৈ থাকিব ডাৱৰীয়া।

উল্লেখ্য যে, হিন্দু ধৰ্মাৱলম্বী সকলৰ উৎসৱ কালী পূজা আৰু দেৱালীক লৈ সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে।

photo1666435690
কালী পূজা, দেৱালীত আকৌ বতৰে দিব বিধি-পথালি! প্ৰৱল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ… 6

ইতিমধ্যে ৰং বৰঙৰ লাইট, ফটকা-ফুলজাৰিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ।

এনে সময়ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননীয়ে নিঃসন্দেহে উৎসৱৰ উছাহ ম্লান কৰাৰ সম্ভাৱনাই দেখা দিছে।