fbpx
অসম

কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত মুকলি তৃতীয় লিংগৰ চাহ দোকান…

নিউজ ডেস্ক। তৃতীয় লিংগৰ ব্যক্তিসকলৰ সামাজিক সমতা স্থাপনৰ উদ্দেশ্যে বিশেষ পদক্ষেপ।

কামৰূপ সংহত উপায়ুক্ত কার্যালয় চৌহদত মুকলি হ’ল তৃতীয় লিংগৰ দ্বাৰা সম্পূৰ্ণভাৱে পৰিচালিত এখন চাহৰ দোকান (টি ষ্টল)।

মঙলবাৰে দোকানখন আনুষ্ঠানিকভাবে মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কার্তিক এনে।

অসমত এনেধৰণৰ প্ৰথমখন চাহৰ দোকান মুকলি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম কিন্নৰ সংস্থাৰ প্ৰতিষ্ঠাপক স্বাতি বিধান বৰুৱা, সংস্থাৰ অন্যতম সদস্যবৃন্দ ক্রমে ছোনিয়া কিন্নৰ, কাজুলী কিন্নৰৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া কৰ্মচাৰী।

1 2

উল্লেখ্য যে ৰাজ্যখনৰ ভিতৰতে সর্বপ্রথম কিন্নৰৰ দ্বাৰা পৰিচালিত এনে চাহৰ দোকান সদৌ অসম কিন্নৰ সংস্থাই কামৰূপ জিলা প্ৰশাসনৰ সহযোগত মুকলি কৰিছে।

ইয়াৰ দ্বাৰা কিন্নৰ ব্যক্তিসকলক ব্যাৱসায়ৰ অভিজ্ঞতা, গ্ৰাহকৰ সৈতে সু-সম্পর্ক বজাই ৰখা, দক্ষতা আহৰণৰ জৰিয়তে সমাজলৈ ইতিবাচক বৰঙণি যোগোৱা ইত্যাদি লক্ষ্য লোৱা হৈছে।

কিন্নৰসকলৰ এনে ইতিবাচক উদ্যোগক স্বাগতম জনাই জিলা উপায়ুক্তই এই উদ্যোগে আৰু অধিক কিন্নৰ ব্যাক্তিক এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে তেওঁলোকৰ সামাজিক সৱলীকৰণত বিশেষ ভূমিকা ল’ব বুলি মন্তব্য কৰে।

লগতে চাওকঃ

শােকাৱহ! প্ৰমােদ বড়ােৰ কনভয়ৰ আৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত, আৰক্ষী জােৱান ৰাজু কলিতাৰ মৃত্যু

G1 21

Related Articles

Leave a Reply

Back to top button