কামাখ্যা দৰ্শন কৰিবলৈ আহি গুৱাহাটীত উবেৰ চালকৰ হাতত অপদস্থ দিল্লীৰ মহিলা সাংবাদিক, সতীৰ্থ

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীত যাত্ৰীক অনলাইন মাধ্যমৰ জৰিয়তে সেৱা আগবঢ়াই অহা একাংশ অলা, উবেৰ, পে ইণ্ডিয়া, ৰেপিডো চালকে ভাড়াৰ নামত যাত্ৰীক শাৰীৰিক – মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে গন্তব্য স্থানলৈ যোৱাৰ সলনি আদ বাটতে নমাই দিয়াৰ অভিযোগো দীৰ্ঘদিনলীয়া।

অৱশেষত জিলা উপায়ুক্তৰ নিৰ্দেশত শনিবাৰে দিল্লীৰ মহিলা সাংবাদিক আৰু এগৰাকী সতীৰ্থক অপদস্থ কৰা তেনে এজন চালকক পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ (প্ৰৱৰ্তক ) জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটা দলে আটক কৰি আৰক্ষীক গতাই দিয়ে।

প্ৰাপ্ত খবৰ মতে, দিল্লীৰ নিকিতা জৈন নামৰ মহিলা সাংবাদিক গৰাকী এজন সতীৰ্থৰ সৈতে কামাখ্যালৈ যাবলৈ বুলি বেলতলাত পুৱা ১০ মান বজাত অনলাইনত এখন উবেৰ বুক কৰে। কিন্ত উবেৰ চালক জনে গন্তব্য স্থানত গৈ অনলাইনত ভাড়া লবলৈ অমান্তি হোৱাৰ লগতে অধিক ভাড়া বিচাৰে।

ফলত এই লৈ দুয়ো পক্ষৰ মাজত তৰ্ক বিতৰ্ক হোৱাৰ মাজতে চালক জনে নিকিতা জৈন আৰু সতীৰ্থ জনক বাংলাদেশী বুলি অভিহিত কৰে।

আনকি চালক জনে নিকিতা জৈনৰ সৈতে অহা সতীৰ্থ জনক ৰদেৰে প্ৰহাৰ কৰিবলৈও উদ্যত হয়।

অৱশ্যে কিছু সময় পাছতে নিকিতা জৈনে টুইট যোগে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁক বিষয়টো বাহন খনৰ নম্বৰসহ অৱগত কৰে।

লগে লগে উপায়ুক্ত ঝাঁই কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসক চালকসহ বাহনখন জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে।

অৱশেষত বাহনখনৰ নম্বৰৰ আঁত ধৰি চালক জনৰ মবাইল ফোনৰ অৱস্থিতিৰ সহায়ত বিয়লি লখৰাৰ সমীপত বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা চালকজনক প্ৰকাশ গগৈ বুলি চিনাক্ত কৰা হৈছে।

অৱশেষত উপায়ুক্তৰ নিৰ্দেশত চালকজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰি জালুকবাৰী আৰক্ষী থানাত গতাই দিয়ে।

আনহাতে জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে আগন্তক দিনত যদি গুৱাহাটীত কোনো অলা, উবেৰ, ৰেপিডো, পে ইণ্ডিয়াৰ চালকে সেৱা আগবঢ়োৱাৰ নামত যদি যাত্ৰীক হাৰাশাস্তি কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন পত্ৰ নিলম্বন বা বাতিল কৰাৰ লগতে চালকৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰজু কৰা হ’ব।

Leave a Comment