fbpx
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ওচৰত হস্তনির্মিত বন্দুকসহ ৪ যুৱকৰ আত্মসমৰ্পণ…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক ভাল খবৰ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ত হস্তনিৰ্মিত বন্দুকসহ আত্মসমৰ্পণ কৰে চাৰি যুৱকে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কার্যালয়ত আয়োজিত এক অনুষ্ঠানত চাৰি যুৱকে আত্মসমৰ্পণ কৰে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ ৰমেশ গগৈ, গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ধ্ৰুৱজ্যোতি নাথ আৰু বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়া ইকবাল হুছেইনৰ উপস্থিতিত যুৱককেইজনে আত্মসমর্পণ কৰে।

লগতে যুৱককেইজনে চাৰিটাকৈ হস্তনির্মিত বন্দুকো উদ্যান কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে।

আত্মসমৰ্পণ কৰা চাৰি যুৱক হ’ল ক্ৰমে শাকমুঠিয়া চাহবাগিচাৰ ১০ নং লাইনৰ ক্ৰমে অনিত তাঁতী ৰাহুল ভূমিজ ইচাক প্ৰধান আৰু এতুৱা মুণ্ডা ।

উল্লেখ্য যে দীৰ্ঘ সময়ধৰি ৰাষ্ট্ৰীয় উদ্যান দাঁতি-কাষৰীয়া বনাঞ্চলসমূহত পশু-পক্ষী নিধন কৰি মাংস বিক্ৰী কৰিছিল এই চাৰি যুৱকে। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৎপৰতাত অনুষ্ঠিত বহু আলোচনাৰ পিছতেই মঙলবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে শাকমঠি বাগানৰ চাৰি যুৱক।

আনহাতে, এই বিপথগামী যুৱকসকলক বিকল্প জীৱিকাৰ সন্ধান দিব পাৰিনেকি সেই সন্দৰ্ভতো প্রকৃতিপ্রেমী সংগঠন আৰণ্যকে চিন্তাচৰ্চা কৰিব বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!