অসম
কাজিৰঙালৈ পৰ্যটকক আদৰিলে মুখ্যমন্ত্ৰীয়ে, কিন্তু ঘূৰাই পঠিয়ালে উদ্যান কৰ্তৃপক্ষই…

শনিবাৰে সদগুৰুক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত জীপ ছাফাৰী কৰাৰ লগতে টুইট কৰি পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হােৱা বুলি ঘােষণা কৰিছিল।
মুখ্যমন্ত্ৰীৰ এই টুইটৰ পিছতে দেওবাৰ পুৱাৰে পৰাই কাজিৰঙা দৰ্শনৰ বাবে ঢাপলি মেলিছে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বহু পৰ্যটকে।
কিন্তু মুখ্যমন্ত্ৰীৰ ঘােষণাৰ বিপৰীত স্থিতিত অৱস্থান কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
জানিব পৰা মতে, কাজিৰঙালৈ অহা পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যানখনলৈ প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নাই উদ্যান কৰ্তৃপক্ষই।
ইয়াৰ বিপৰীতে সকলাে পৰ্যটককে ঘূৰাই পঠিয়াইছে। ইয়াকে লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ।