অসম

কাজিৰঙাত কৰুণ মৃত্যু মাক আৰু পোৱালি হস্তীৰ…

কাজিৰঙাত মৃত্যু দুটাকৈ বন্যহস্তীৰ।

বোকাখাত-কাৰ্বিআংলং বোকাখাত সীমান্তৰ সোনফাংচ’ চাহবাগিচাত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো।

এজনী প্ৰাপ্তবয়স্ক মাখুন্দী আৰু এটা পোৱালি হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰ মতে বাগিচাত ছটিওৱা কীটনাশক ঔষধ ভক্ষণ কৰাৰ ফলত বা বাগিচাৰ সীমাত স্থানীয় গোটে সংযোগ কৰা বিদ্যুৎ পৰিবাহী ধাতৱ তাঁৰত লাগি হাতী দুটাৰ মৃত্যুৰ সন্দেহ কৰিছে।

দুটাকৈ বনৰীয়া হাতীৰ মৃত্যুত শোকে বিৰাজ কৰিছে পশুপ্ৰেমী লোকৰ মাজত।

ঘটনা সম্পৰ্কে খবৰ লাভ কৰা মাত্ৰকে বনবিভাগৰ লোক ঘটনাস্থলীত আহি উপস্থিত হয়।

লগতে চাওকঃ

ৰে’ল ষ্টেচনত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button