অসম

কাইলৈ স্বাধীনতা দিৱস! আৰক্ষীৰ জালত আলফাৰে যোগাযোগকাৰী দুই মহিলাসহ ৪জন…

কাইলৈ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস।

ৰাজ্যজুৰি স্বাধীনতা দিৱস উদযাপনকলৈ চলিছে ব্যাপক প্ৰস্তুতি।

দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।

কিন্তু ইয়াৰ মাজতে আৰক্ষীৰ জালত পৰিছে আলফাৰে যোগাযোগকাৰী দুই মহিলাসহ ৪জন।

তিনিচুকীয়া আৰক্ষীৰ জালত পৰিছে দুগৰাকী মহিলসহ দুজন যুৱক।

পানীতােলা নগাঁৱৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে মৃণালী গগৈ আৰু গীতাশ্ৰী বৰা নামৰ দুই মহিলাক।

লগতে আৰক্ষীয়ে আটক কৰিছে অসমজ্যোতি বৰুৱা ওৰফে মণ্টু বৰুৱা আৰু সৌৰভ চেতিয়াক।

আলফাৰে যোগোযোগ কৰাৰ সন্দেহতে আটক কৰা হৈছে আটাইকেইজনকে।

উল্লেখ্য যে, ১৫ আগষ্টত অসম বন্ধৰ আহ্বান জনাই স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছিল আলফা স্বাধীনে।

স্বাধীনতা দিৱসৰ এনে প্ৰাকক্ষণত আলফাৰ সৈতে যোগাযোগ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Back to top button