
নিউজ ডেস্কঃ ৰাজ্যৰ ২৫ জিলাত দেওবাৰে পুনৰ কৰ্তন হ’ব ইণ্টাৰনেট সেৱা। ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত পুনৰ কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২১ আগষ্টত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো কোনো ধৰণৰ যাতে বিসংগতি নহয়, তাৰ বাবে কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা।
চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজু প্ৰসাদ শৰ্মা নামৰ এগৰাকী সমাজকৰ্মীয়ে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
প্ৰশ্নকাকত ফাদিল ৰোধৰ নামত নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ চৰকাৰে এনেদৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ পৰিপ্ৰেক্ষিতত ২১ আগষ্টত স্তব্ধ হৈ পৰিছিল ডিজিটেল জীৱন। ইন্টাৰনেটৰ মাধ্যমেৰে জীৱন নিৰ্বাহ কৰা ওলা-উবেৰ চালক, অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তীব্ৰ আৰ্থিক লোকচানৰো সন্মুখীন হ’বলগীয়া হৈছিল।
২৮ আগষ্টতো ইণ্টাৰনেট সেৱা কৰ্তনৰ ফলত একেদৰেই ডিজিটেল জীৱন স্তব্ধ হৈ পৰাৰ লগতে অনলাইন ব্যৱসায়ত প্ৰভাৱ পৰাটো স্পষ্ট হৈ পৰিছে।