fbpx
অসমীয়াঅসম

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী! গুৱাহাটীত জাৰি বিশেষ পথ নিৰ্দেশনা…

নিউজ ডেস্কঃ মঙলবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

সংবাদমেলত এই কথা সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই।

তেওঁ জানিবলৈ দিয়া মতে, মঙলবাৰে পুৱা ১০ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

তাৰ পিছতে তেওঁ কাইলৈ অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ইয়াৰ পিছতে তেওঁ যাব নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ।

সন্ধিয়া পুনৰ গুৱাহাটীলৈ ঘূৰি আহি অসম চৰকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

নিশা গুৱাহাটীত কটাই পিছদিনা আৰ্থাৎ বুধবাৰে তেওঁ যাব ত্ৰিপুৰাৰ আগৰতলালৈ।

তাতো তেওঁ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’ব।

ইফালে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত জাৰি কৰা হৈছে পথ নিৰ্দেশনা।

প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে মঙলবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ ২৭নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

একেদৰে বুধবাৰেও পুৱা ৫ বজাৰ পৰা নিশা ১২.৩০ বজালৈ জাৰি কৰা হৈছে মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা।

ডিজি ৰোড, এটি ৰোড, এমজি ৰোড, কেএলবি ৰোড, তইবুল্লা ৰোড, জিএনবি ৰোড, বি বৰুৱা ৰোড আৰু জিএছ ৰোডত চলিব নোৱাৰিব লঘু, মজলীয়া আৰু গধুৰ মালবাহী বাহন।

বুধবাৰে পুৱা ৫ বজাৰ পৰা দিনৰ ১১ বজালৈ বাহাল থাকিব এই নিৰ্দেশনা।

Related Articles

Back to top button