কাইলৈ অনুষ্ঠিত হ’ব নগাঁও আৰক্ষীৰ গুলীকাণ্ডৰ শুনানি

নিউজ ডেস্ক। যােৱা ২২ জানুৱাৰীৰ সন্ধিয়া নগাঁও সদৰ আৰক্ষী চকীৰ অন্তৰ্গত কচলুখােৱা তিনিআলিত সংঘটিত নগাঁও আৰক্ষীৰ এন্টি নাৰ্ক’টিক স্কােৱাডৰ গুলীচালনা কাণ্ডৰ তদন্তৰ শুনানি কাইলৈ অৰ্থাৎ শুক্ৰবাৰে অনুষ্ঠিত হ’ব।

উল্লেখ্য যে আৰক্ষীৰ এই গুলীচালনাত গুলীবিদ্ধ হৈ সম্প্ৰতি GMCH ত চিকিৎসাধীন হৈ আছে ছাত্ৰ নেতা কীৰ্তিকমল বৰা।

এই ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া পৱন বৰঠাকুৰৰ এজনীয়া তদন্ত সমিতিয়ে সাক্ষ্য গ্ৰহণ কৰিব।

নগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত হ’ব লগা এই শুনানিত ঘটনাৰ প্ৰত্যক্ষদৰ্শীক অংশ গ্ৰহণৰ আহ্বান জিলা উপায়ুক্তৰ।

এই সন্দৰ্ভত নগাওঁ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা জাৰি কৰা হৈছে জাননী।

২৮ জানুৱাৰীৰ বিয়লি ২ বজাৰ পৰা ৪ বজালৈ গ্ৰহণ কৰা হব এই শুনানি।

Leave a Comment