কাইলৈৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা! ৯১২টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব ৪ লাখৰো অধিক পৰীক্ষাৰ্থী…

কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা।
২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তিম পৰ্য্যায়ৰ পৰ্য্যবেক্ষণ অসম মাধ্যমিক শিক্ষা পৰিষদৰ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪ লাখ ২২ হাজাৰ ১ শ ৭৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব।
ইয়াৰে ১ লাখ ৯৪ হাজাৰ ৫৪ গৰাকী পুৰুষ প্ৰাৰ্থী। আনহাতে ২ লাখ ২৮ হাজাৰ ১ শ ২০ গৰাকী মহিলা প্ৰাৰ্থী।
পৰীক্ষাৰ বাবে সাজু ৰাজ্যৰ ৯১২টা পৰীক্ষা কেন্দ্ৰ।
উল্লেখ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ বৰপেটা জিলাত সৰ্বাধিক ২৭ হাজাৰ ৬ শ ৪৭ গৰাকী প্ৰাৰ্থী৷
বিপৰীতে মাজুলীত সৰ্বনিম্ন অৱতীৰ্ণ প্ৰাৰ্থী ৩ হাজাৰ ৩৭ গৰাকী৷
বিগত বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা হ’ব কিছু পৃথক৷ পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিপৰীতে এইবাৰ প্ৰশ্নকাকত কিছু পৃথক হ’ব৷ কিয়নো চাৰি বিষয়ত ৪৫ নম্বৰ হ’ব অৱজেক্টটিভ৷ অৱজেক্টটিভ প্ৰশ্নৰ বাবে সুকীয়া উত্তৰ বহী৷
নিখুট আৰু ক্ৰুটিমুক্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মাধ্যমিক শিক্ষা পৰিষদে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰাকে ধৰি গ্ৰহণ কৰিছে বিভিন্ন বিশেষ ব্যৱস্থা৷