কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশী গাে মাফিয়াৰ অনুপ্ৰৱেশ, গৰুৰ চােৰাং বেহা!

নিউজ ডেস্ক। পুনৰ স্পষ্ট হ’ল ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষাৰ ফােঁপােলা স্বৰূপ।

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ অধীনত থকা ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অত্যাধুনিক প্ৰযুক্তিৰে অনুপ্ৰৱেশ ৰােধ কৰা বুলি চৰকাৰী পক্ষই দাবী কৰাৰ এক বিপৰীত ছবি পােহৰলৈ আহিল এগৰাকী বাংলাদেশী গাে মাফিয়াৰ স্বীকাৰােক্তিৰ পাছত।

উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কুটিৰঘাট গাঁৱৰ পৰা শনিবাৰে পুৱা প্ৰায় ৮ বজাত এজন বাংলাদেশী গাে মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

277897

বাংলাদেশী লােকজনৰ নাম হবিবৰ ৰহমান (৪৫) আৰু তেওঁ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত বেহুলাচৰ গাঁৱৰ বাসিন্দা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।

জানিব পৰা মতে, লােকজনে যোৱা ২০ জানুৱাৰীৰ নিশা মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ কুচনীমাৰা গাঁৱত থকা এখন দলঙৰ দক্ষিণ ফালৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি অসমত প্ৰৱেশ কৰিছিল।

বাঁহৰ ঢেঁকীৰ সহায়ত লোকজনে অসমত প্ৰৱেশ কৰিছিল আৰু এইক্ষেত্ৰত লোকজনক ঝাউডাংগা গাঁৱৰ গৰু বেপাৰী শালু মিঞা নামৰ এজন লোকে সহায় কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে।

IMG-20220123-WA00

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ঝালৰচৰ আৰক্ষীয়ে কুটিৰঘাট গাঁৱৰ শ্বাহ আলম নামৰ লোক এজনৰ ঘৰৰ পৰা বাংলাদেশী লোকজনক গ্ৰেপ্তাৰ কৰে।

শ্বাহ আলমেও গৰুৰ ব্যৱসায় কৰে বুলি জানিব পৰা গৈছে। শ্বাহ আলম বৰ্তমান পলাতক।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত বাংলাদেশী গাে মাফিয়াটােৱে দীৰ্ঘদিনৰ পৰাই সীমান্তৰে গৰুৰ চোৰাং বেহা চলাই আহিছে।

সাংবাদিকৰ আগত গাে মাফিয়াটােৱে প্ৰকাশ কৰা অনুসৰি, অকল গৰুৱেই নহয়, মানকাচৰৰ ভাৰত-বাংলাদেশৰ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেঁকীৰ সহায়ত বাংলাদেশীয়ে ভাৰতলৈ অহা-যোৱা কৰে।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Comment