কল্যানপূৰত আনুষ্ঠানিক শস্য চপোৱা কাৰ্যসূচী উদযাপন…

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART) ৰ অধীনত উদ্যানশস্য গৱেষণা কেন্দ্ৰ, কাহিকুছিৰ উদ্যোগত গোৱালপাৰা জিলাৰ কল্যানপুৰত আনুষ্ঠানিক শস্য চপোৱা আৰু পথাৰ দিৱস পালন কৰা হয়।

অনুষ্ঠানটিত ১২০ জনতকৈও অধিক কৃষক ৰাইজৰ উপস্থিতিৰ লগতে পূৱ গোৱালপাৰা সমষ্টিৰ বিধারক এ. কে. ৰচিদ আলম, জিলা কৃষি বিষয়া নয়ন বৰা, অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, জিলা উন্নয়ন পাধিকৰণৰ সভাপতি দীপক নাথ, বালিজানা খও উন্নয়ন বিষয়া আমানুল্লাহ আহমেদ, APART গোৱালপাৰাৰ প্ৰমুখ বিষয়া ৱাহিদ আহমেদ আৰু উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাহিকুছিৰ বিজ্ঞানী তথা APARTৰ কমকর্তাসকল উপস্থিত থাকে।

image 39
কল্যানপূৰত আনুষ্ঠানিক শস্য চপোৱা কাৰ্যসূচী উদযাপন... 3

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰমুখ বিজ্ঞানী ডঃ প্রমোদ চদ্ৰ ডেকাই কৃষক ৰাইজক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী (FPC/FPO) ৰ গুৰুত্ব সম্পৰ্কে বুজাই কয়।

অনুষ্ঠানটিত পৰম্পৰাগত কৃষি পদ্ধতি আৰু বিজ্ঞানসন্মত ভাবে কৰা কৃষি পদ্ধতিৰ লাভালাভ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলে নিজ নিজ বক্তব্য দাঙি ধৰাৰ লগতে যন্ত্ৰিকীকৰণৰ ওপৰত ও বক্তব্য প্ৰদান কৰে।

পূৱ গোৱালপাৰা সমষ্টিৰ বিধায়ক এ. কে. ৰাচিদ আলমে অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃষক ৰাইজক পৰম্পৰাগত খেতিৰ বাহিৰেও নতুন নতুন অধিক উৎপাদনক্ষম জাত আৰু শস্য শৃংখলত কৃষি কৰিবলৈ উৎসাহ যোগায়।

অনুষ্ঠানটিৰ শেষত কৃষি বিভাগৰ দ্বাৰা মাৰুক্ষেত্ৰী ফাৰামাৰ প্ৰডিউচাৰ কোম্পানীক দিয়া হোৱা মাল্টি ক্ৰপ Harvester টি উদ্বোধন কৰি ওচৰৰে পথাৰত প্ৰদৰ্শন কৰি ব্যৱহাৰ কৰি দেখুওৱা হয়।

image 38
কল্যানপূৰত আনুষ্ঠানিক শস্য চপোৱা কাৰ্যসূচী উদযাপন... 4

উল্লেখযোগ্য যে, কৃষি বিষয়া নয়ন বৰাই নিজেই কৃষকসকলক যন্ত্ৰটি প্ৰদৰ্শন কৰি দেখুৱায়। এই যন্ত্ৰৰ সহায়ত ধান কাটি অতি কম সময় আৰু কম খৰচত গুটি চপাব পাৰি যিয়ে কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

অনুষ্ঠানটিত আন্তঃ ৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বীজ বিশেষজ্ঞ নিৰজ কুমাৰ ত্যাগীৰ লগতে উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ সমীৰণ পাঠক, প্ৰাক্তন প্ৰমুখ বিজ্ঞানী ডঃ আয়ুব আলী আহমেদ, কণিষ্ঠ বিজ্ঞানী শিৱানী দাস, ৰিংকুমনী ফুকন, APARTৰ প্ৰকল্প সহযোগী মাধুৰ্য বিকাশ বৰা, সহকাৰী প্ৰকল্প বিজ্ঞানী কস্তুৰী গোস্বামী, কাৰিকৰী গৱেষকদ্বয় অনুৰাগ খাউণ্ড আৰু বলীন ৰাজখোৱা উপস্থিত থাকে।