এক চাঞ্চল্যকৰ ঘটনা।
সন্ধানহীন স্বামীক বিচাৰি হাবাথুৰি খাইছে এগৰাকী পত্নীয়ে।
নিজ পত্নী-কন্যাক এৰি বিগত এপ্তাহে সন্ধানহীন কামপুৰৰ পুৰহীআটিৰ উত্তম বৰা নামৰ এজন লোক।
যাৰ বাবে এথিয়া এটি কণমানি দুবছৰীয়া সন্তান কোলাত লৈ আৰক্ষীৰ দুৱাৰে-দুৱাৰে ঘূৰিছে দুৰ্ভগীয়া পত্নীয়ে।
দুৰ্ভগীয়া মহিলাগৰাকী মধ্যপ্ৰদেশৰ সন্ধ্যা বৰা।
জানিব পৰামতে কামপুৰৰ পুৰহীআটিৰ যুৱক উত্তম বৰাৰ লগত বিবাহ হৈছিল মধ্যপ্ৰদেশৰ সন্ধ্যা বৰাৰ।
যোৱা ১৫ ছেপ্তেম্বৰৰ নিশা বেমাৰ দেখাবলৈ আহি কামপুৰৰ চিকিৎসালয়ত কণমানি কন্যাসহ পত্নীক এৰি যায় উত্তম বৰা নামৰ যুৱজনে।
চিকিৎসালয়ৰ পৰা গুচি যোৱাৰ দিনৰ পৰাই বৰ্তমানেও সন্ধান নাই উত্তম বৰাৰ।
পত্নীয়ে বহুটো বিচাৰ-খোচাৰ কৰিছে যদিও কোনো সন্ধান লাভ নকৰাত আৰক্ষীৰ কাষ চাপে।
কোনো লোকে উত্তম বৰাৰ সন্ধান পালে 81281-40256 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পত্নীয়ে।