ক’লৈ গ’ল বোৱাৰী ৰিমি..? মাতৃক বিচাৰি কণমনি সন্তানৰ হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।

কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী তথা এটি কণমানি সন্তানৰ মাতৃ।

শিৱসাগৰত সংঘটিত হৈছে এই মহিলা নিৰুদ্দেশৰ ঘটনা।

শিৱসাগৰৰ নামতিত যোৱা ১০ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে এটি ৫বছৰীয়া সন্তানৰ মাতৃ মঞ্জুমা।

সন্ধানহীন মহিলাগৰাকী আমগুৰি নামতি চাৰিআলি আদৰ্শ গাঁৱৰ ৰফিক আলীৰ পত্নী মঞ্জুমা বেগম(ৰিমি)।

স্বামী ৰফিক আলীয়ে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান পোৱা নাই পত্নী ৰিমিৰ।

মাতৃয়ে এৰি থৈ যোৱা ৫বছৰীয়া পুত্ৰ সন্তানটিয়ে এতিয়া মাতৃক বিচাৰি কৰিছে হাহাকাৰ।

মাতৃৰ বুকুৰ পৰা আঁতৰত থাকি দিনে-নিশাই কান্দি কান্দি দিন অতিবাহিত কৰিছে কণমানি পুত্ৰই। আনকি ভাত-পানী খাবলৈ এৰি দিছে কণমানি সন্তানটিয়ে।

সন্ধানহী পত্নীৰ সন্ধান দিওতাক ৰফিক আলীয়ে উপহাৰ আগবঢ়াব বুলি প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত।

কোনো লোকে সন্ধানহীন মহিলাগৰাকীৰ সন্ধান পালে 88760-71287, 80113-21700 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী ৰফিক আলীয়ে।