ক’লৈ গ’ল পিঞ্জু..? বৰযাত্ৰী হৈ আহি কইনাঘৰৰ পৰা নিৰুদ্দেশ, পৰিয়ালত হাহাকাৰ

এক চাঞ্চল্যকৰ ঘটনা।

বৰযাত্ৰী হৈ গৈ কইনাঘৰৰ পৰা নিৰুদ্দেশ এগৰাকী ছাত্ৰ।

লখিমপুৰৰ বিহপুৰীয়াত সংঘটিত হৈছে এই ঘটনা৷

জানিব পৰা মতে, শুকুৰবাৰে নিশা বিহপুৰীয়াৰ গন্ধিয়ালৈ বৰযাত্ৰী হৈ আহিছিল চিত্তৰঞ্জন দত্ত ওৰফে পিঞ্জু নামৰ যুৱকজন৷

photo1657352805
ক’লৈ গ’ল পিঞ্জু..? বৰযাত্ৰী হৈ আহি কইনাঘৰৰ পৰা নিৰুদ্দেশ, পৰিয়ালত হাহাকাৰ 3

কইনা ঘৰত ৰাতিৰ আহাৰ খোৱাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে চৈধ্যপুনীয়াৰ যুৱকজন।

চিত্তৰঞ্জন দত্ত ওৰফে পিঞ্জু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ ষষ্ঠ সান্মাসিকৰ ছাত্ৰ৷

ইতিমধ্যে আৰক্ষী আৰু পৰিয়ালৰ লোকে বিচাৰ–খোচাৰ কৰিছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পিঞ্জুৰ৷

বিয়া ঘৰৰ পৰাই এনেদৰে এজন ২২ বছৰীয়া যুৱক নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

ঈদৰ উছাহত নিমিষতে নামি আহিল কলীয়া ডাৱৰ! পিতৃৰ সৈতে বজাৰ কৰিবলৈ গৈ মৃত্যু কিশোৰী ৱাহিদৰ

g1 2
ক’লৈ গ’ল পিঞ্জু..? বৰযাত্ৰী হৈ আহি কইনাঘৰৰ পৰা নিৰুদ্দেশ, পৰিয়ালত হাহাকাৰ 4