fbpx
ত্ৰিপুৰাঅসমীয়াৰাষ্ট্ৰীয়

কলেজীয়া ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযােগ! আটক ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী…

নিউজ ডেস্কঃ এগৰাকী কলেজীয়া ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হ’ল এগৰাকী প্ৰাক্তন মন্ত্ৰীক।

বুধবাৰে দিল্লীৰ কৌটিল্য মাৰ্গ থানা আৰক্ষীয়ে আটক কৰে ত্ৰিপুৰা চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মেবৰকুমাৰ জামাতীয়াক।

জামিনবিহীন ধাৰাত প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

G4 12

উল্লেখ্য যে, আইপিএফটিৰ বিধায়ক তথা ত্ৰিপুৰাৰ প্ৰাক্তন জনজাতি কল্যান মন্ত্ৰী মেবৰকুমাৰ জামাতীয়াই দিল্লীৰ ত্ৰিপুৰী ভৱনত এগৰাকী কলেজীয়া ছাত্ৰীক অশালীন আচৰণ কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়।

বুধবাৰে পুৱাৰে পৰা কৌটিল্য মাৰ্গ আৰক্ষীয়ে অভিযোগকাৰী আৰু অভিযুক্ত প্ৰাক্তন মন্ত্ৰীগৰাকীক জেৰা চলাই আছে। ইয়াৰ পিছতে মেবৰকুমাৰক আটক কৰি থানালৈ লৈ যোৱা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযোগকাৰী গৰাকী বৰ্তমান দিল্লীৰ এখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে।

তেওঁ আচলতে ত্ৰিপুৰাৰ বাসিন্দা। দিল্লীৰ ত্ৰিপুৰা ভৱনত অস্থায়ীভাৱে বাস কৰি তেওঁ অধ্যয়ন কৰি আছে মহাবিদ্যালয়ত।

অভিযোগ অনুসৰি, ত্ৰিপুৰা ভৱনত ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলায় প্ৰাক্তন মন্ত্ৰী মেবৰকুমাৰ জামাতীয়াই।

ইফালে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাত লগে লগে মঙলবাৰে নিশা দিল্লী আৰক্ষীয়ে ত্ৰিপুৰা ভৱনত অভিযান চলায়।

ইয়াৰ পিছতে আৰক্ষীয়ে মেবৰকুমাৰক আটক কৰি জেৰা আৰম্ভ কৰে।

উল্লেখযোগ্য যে, দিল্লীৰ ত্ৰিপুৰা ভবনৰ যুটীয়া আৱাসী আয়ুক্ত ৰঞ্জিত দাসে ত্ৰিপুৰা চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অধীনস্থ সচিবলৈ এখন পত্ৰ লিখি সমগ্ৰ ঘটনাটোৰ বিষয়ে অৱগত কৰিছে।

স্বাভাৱিকতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!