কলিয়াভোমোৰা ৰেলিং ভাঙি লুইতৰ বুকুত পৰা বাহনৰ তথ্য লাভ, দহচকীয়া ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত…

কলিয়াভোমোৰা ৰেলিং ভাঙি লুইতৰ বুকুত পৰা বাহনৰ অৱশেষত উদ্ধাৰ হৈছে তথ্য।

GPS ৰেকৰ্ডত পোহৰলৈ আহিছে কলিয়াভোমোৰাত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ তথ্য৷

দুৰ্ঘটনাগ্ৰস্ত বাহনখন আছিল এখন দহ চকীয়া ট্ৰাক৷

পঞ্জীয়ন নম্বৰ হৈছে NL 01K 3553।

ট্ৰাকখনে ডিমাপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ বান্দৰদোৱালৈ বুলি কঢ়িয়াই আনিছিল লোৰ সামগ্ৰী৷

GPSৰ শেহতীয়া তথ্য অনুসৰি, নিশা ১ বাজি ৯ মিনিটত ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়৷

হয়তো নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে দলঙৰ ৰেলিং ভাঙি তললৈ সৰি পৰে বাহনখন৷

বৰ্তমানেও দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক-হেণ্ডিমেন দুয়োজন নিখোজ হৈ আছে৷ 

চালকজন হৈছে শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কৃষিপাম গাঁৱৰ পদ্ম বিশ্বকৰ্মাৰ পুত্ৰ ৰাজীৱ বিশ্বকৰ্মা৷

আনহাতে হেণ্ডিমেন জন হৈছে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচালী গাঁৱৰ ২০ বছৰীয়া অমিত ডনাৰ ওৰফে লুটে৷

সোমবাৰে পুৱাৰে পৰা GAMMON কোম্পানীৰ সহযোগত NDRF আৰু SDRF ৰ ডুবাৰু্ৱে চেষ্টা চলাই আহিছে যদিও সফল হ’বলৈ সক্ষম হোৱা নাই

মঙলবাৰে পুনৰ ভাৰতীয় সেনা বাহিনীৰ ডুবাৰুৱে সহযোগিতাত উদ্ধাৰ অভিযান চলিব।

লগতে চাওকঃ

পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবেই শিক্ষকে পত্নীক উপহাৰ দিলে ‘তাজমহল’!

Leave a Comment