অসম

কলিয়াভোমোৰা দলঙত পুনৰ দুৰ্ঘটনা! ৰেলিং ভাঙি ওলমি ৰ’ল ট্ৰাক, সন্ধানহীন হেণ্ডিমেন…

কলিয়াভোমোৰাত কালিকা লাগিছে!

কলিয়াভোমোৰা দলঙত পুনৰ সংঘটিত হ’ল দুৰ্ঘটনা।

দুদিনমান পূৰ্বে ৰ’ড কঢ়িওৱা ট্ৰাক কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি লুইতৰ বুকুত পৰাৰ পিছত এইবাৰ পুনৰ আন এখন ট্ৰাক কলিয়াভোমোৰাত দুৰ্ঘটনাত পতিত হৈ দলঙৰ ৰেলিং ভাঙি ওলমি ৰ’ল।

G2

বৃহস্পতিবাৰে নিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ হেণ্ডিমেনগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে।

বৰ্তমান সন্ধানহীন হেণ্ডিমেনগৰাকীৰ নাম দিলীপ তাছা।

ট্ৰাকখনৰ চালক মনোজ ছাহই এই বিষয়ে সদৰি কৰিছে।

চালকগৰাকীয়ে সদৰি কৰা মতে তিনিচুকীয়াৰ পৰা আহি আছিল তেওঁলোক।

কলিয়াভোমোৰা দলং পোৱাৰ পিছতে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত ট্ৰাকখনৰ ষ্টেয়েৰিং লক হৈ যায় আৰু এখন মালবাহী মেজিকৰ সৈতে সংঘৰ্ষ হয়।

ইয়াৰ পিছতে ট্ৰাকখন বাগৰি গৈ দলঙৰ ৰেলিং ভাঙি কোনোমতে ওলমি ৰয়। ফলত ট্ৰাকখনত থকা হেণ্ডিমেনগৰাকীয়ে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

Related Articles

Leave a Reply

Back to top button