Tue. Nov 24th, 2020

ৰিপ’ৰ্টঃ নিউজ ডেক্স

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজজুৰি অব্যাহত আছে প্ৰতিবাদ ।

কিন্তু এই প্ৰতিবাদক আওকান কৰি কেন্দ্ৰই শুক্ৰবাৰে সমগ্ৰ দেশতে বলৱৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন ।

যাৰ বাবে আৰু অধিক তীব্ৰতৰ হৈছে ৰাজ্যত ‘কা’ বিৰোধী প্ৰতিবাদ ।

বিজেপিৰ সাংসদ-মন্ত্ৰী-বিধায়ক যতেই গৈছে তাতেই সন্মুখীন হৈছে ক’লা পতাকাৰ ।

এই যোৰহাটত ক’লা পতাকাৰ সন্মুখীন হ’ল ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ।

যোৰহাটৰ বৰুৱা চাৰিআলিত অসম জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদে ক’লা পতাকা প্ৰদৰ্শন কৰে সাংসদগৰাকীৰ সন্মুখত ।

‘কা’ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়তে সন্মুখীন হয় প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ ।

অসম জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী সদস্যই সাংসদগৰাকীৰ সন্মুখত ক’লা কাপোৰ জোকাৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

সাংসদগৰাকীয়েও প্ৰতিবাদকাৰীগৰাকীৰ সৈতে মত বিনিময়ৰ চেষ্টা কৰে আৰু হাতযোৰ কৰি CAA নমনাটো তেওঁলোকৰ সিদ্ধান্ত বুলি কৈ বিদায় লয় ।