কলভৰ্তি ট্ৰাকত কৌশলেৰে লুকুৱাই অনা অৱস্থাত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠ…

অসমৰ মাজেৰে বহিঃৰাজ্যলৈ বিভিন্ন সামগ্ৰীৰ লগতে অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ।

এইবাৰ ট্ৰাকত কলৰ মাজত কৌশলেৰে লুকুৱাই অনা অৱস্থাত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠ।

নিশা চিৰাঙৰ বন বিভাগৰ এটা দলে বিজনীৰ গেৰুকাবাৰীৰ পৰা কেঁচা কল কঢ়িয়াই নিয়া এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ কৰে।

294
কলভৰ্তি ট্ৰাকত কৌশলেৰে লুকুৱাই অনা অৱস্থাত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠ... 3

নিশা গোপন তথ্যৰ ভিত্তিত চিৰাং বন সংমণ্ডলৰ বন সুৰক্ষা কৰ্মীৰ এটা দলে অভিযান চলাই বিজনীৰ গেৰুকাবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেঁচা কল কঢ়িয়াই নিয়া এম এইচ ১৮ বি জি ৮৫৬১ পঞ্জীয়ন নম্বৰৰ এখন ষোল্লচকীয়া ট্রাক জব্দ কৰে।

পিচত বন বিভাগৰ দলে কলভর্তি ট্রাকখনত তালাচী চলোৱাত কেঁচা কলৰ তলত কৌশলেৰে লুকুৱাই অনা ৫০০ ঘনফুটতকৈও বেছি মূল্যৱান চেগুন কাঠ ওলাই পৰে।

photo 2022 07 09 12 02 24
কলভৰ্তি ট্ৰাকত কৌশলেৰে লুকুৱাই অনা অৱস্থাত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠ... 4

চেগুন কাঠখিনিৰ বজাৰ মূল্য কমেও ২০ লক্ষাধিক হ’ব বুলি অনুমান কৰা হৈছে।

কিন্তু দুর্ভাগ্যজনকভাৱে অভিযান চলোৱাৰ সময়তে ট্রাকখনৰ চালকৰ লগতে সহকাৰী চালকজনে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

ট্রাকখনৰ পৰা বন বিভাগৰ লোকে কল সৰবৰাহৰ চালান উদ্ধাৰ কৰিছে।

চালানখনৰ তথ্য অনুযায়ী কলখিনি লৈ ট্ৰাকখন গোৱালপাৰা জিলাৰ দৰংগিৰিৰ আন্তৰ্জাতিক কল বজাৰৰ পৰা কলকাতালৈ গৈ আছিল।

অর্থাৎ চেগুন কাঠখিনিও কলকাতালৈ নিয়াৰ পৰিকল্পনা আছিল বুলি বন বিষয়াই জানিব দিয়ে।