
নিউজ ডেস্কঃ আজি ৮০ বছৰত ভৰি দিলে বলিউডৰ চুপাৰষ্টাৰ বিগ বি খ্যাত অমিতাভ বচ্চনে।
তেওঁৰ ৮০ বছৰীয়া জন্মদিনটোত অনুৰাগী সকলৰ মাজত দেখা পোৱা গৈছে ব্যাপক উছাহ।
দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত থকা অভিনেতাগৰাকীৰ অলেখ অনুৰাগীয়ে ধুম ধামেৰে উদযাপন কৰিছে তেওঁৰ জন্মদিন।

আনহাতে আজিৰ দিনটোত অমিতাভ বচ্চনৰ মুম্বাইৰ বাসগৃহৰ সন্মুখতো ভিৰ কৰিছে সীমাহীন অনুৰাগীয়ে।
এনে সময়তে আজি বলিউডৰ চুপাৰষ্টাৰগৰাকীৰ জন্মদিন উদযাপন হ’ল কলকাতাৰ বচ্চন ধামতো।
অভিনেতাগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁৰ অনুৰাগীয়ে নিৰ্মাণ কৰা মন্দিৰত পুৱা তেওঁৰ মমৰ পুত্তলিকাত মাল্যাৰ্পণ কৰি জন্মদিন উদযাপন কৰে বচ্চনৰ অনুৰাগীসকলে।
ইয়াৰ সমান্তৰালভাৱে ৮০ গৰাকী দৰিদ্ৰ মহিলা আৰু শিশুক অন্ন আৰু বস্ত্ৰদানৰ এক কাৰ্যসূচীও হাতত লয় কলকাতাত থকা বিগ বিৰ অনুৰাগীসকলে।
On @SrBachchan 's birthday, his fans in Kolkata celebrate with enthusiasm and perform arti at the temple built in his name…Watch the video! pic.twitter.com/O7Y6QWLxbW
— Indian Express Entertainment 😷 (@ieEntertainment) October 11, 2022
উল্লেখ্য যে, বলিউডৰ তাৰকা অমিতাভ বচ্চনৰ প্ৰতি থকা তেওঁৰ অনুৰাগীসকলৰ অগাধ ভালপোৱাৰ বাবেই ২২ বছৰ পূৰ্বে কলকাতাত নিৰ্মাণ কৰা হৈছিল বচ্চন ধাম নামেৰে এটা মন্দিৰ।
এই মন্দিৰটোৰ ভিতৰৰ এটি এয়াৰ কণ্ডিচনাৰ কোঠাত ৰখা হৈছে অমিতাভ বচ্চনৰ এটা মানৱ সদৃশ পুত্তলিকা।
এই পুত্তলিকাৰ সন্মুখতে তেওঁৰ অনুৰাগী সকলে প্ৰতিটো জন্মদিন উদযাপন কৰাৰ লগতে বিভিন্ন সামাজিক কাৰ্য হাতত লয়।
তেওঁৰ অনুৰাগী সকলৰ মতে, অমিতাভ বচ্চন কেৱল এগৰাকী অভিনেতাই নহয়, তেওঁ এগৰাকী ভগৱানো। যাৰ বাবে তেওঁক পূুজা কৰি অহা হৈছে।