ক’ভিভ-১৯ৰ সংক্ৰমণত ৰাজ্যত পুনৰ সাংবাদিকৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শােক প্ৰকাশ

May 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ৰ সংক্ৰমণত ৰাজ্যত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লোকে।

ইয়াৰ মাজতে প্ৰথম শ্ৰেণীৰ ক’ভিড যােদ্ধা হিচাপে বিবেচিত সাংবাদিকৰ পুনৰ মৃত্যু ঘটিছে ৰাজ্যত।

জানিব পৰা মতে, বোকাজানৰ এগৰাকী জ্যেষ্ঠ সাংবাদদাতা ৰুবুল দিহিঙীয়াৰ মৃত্যু ঘটিছে ক’ভিডত।

ক’ভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত চিকিৎসাধীন হৈ আছিল সাংবাদিকগৰাকী।

সাংবাদিক গৰাকীৰ হাওঁফাওঁৰ সম্পূৰ্ণ বিকল হৈ নিশা ১২.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।

নিয়মীয়া বাৰ্তা কাকতৰ উপৰিও আগশাৰী নিউজ চেনেল নিউজ লাইভৰ সাংবাদিক আছিল তেওঁ ৷ বোকাজান অঞ্চলত সমাজৰ বিভিন্ন অনুষ্ঠানত অগ্ৰণী ভূমিকা পালন কৰিছিল দিহিঙীয়াই ৷

ৰবুল দিহিঙীয়াৰ মৃত্যুত সমগ্ৰ বোকাজানত গভীৰ শোকৰ ছাঁ পৰিছে ৷

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল-সংগঠনে সাংবাদিকজনকৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।